গোলাঘাটত ভয়ংকৰ ঘটনা! এটা পৰিয়ালৰে কেইবাজনক হত্যাৰ চেষ্টা, মৃত্যু…

গোলাঘাটত ভয়ংকৰ ঘটনা! এটা পৰিয়ালৰে কেইবাজনক হত্যাৰ চেষ্টা, মৃত্যু…

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্ক: গোলাঘাটত ভয়ংকৰ ঘটনা। দুৰ্বৃত্তৰ চোকা অস্ত্রৰ আক্রমণত এজনৰ মৃত্যু। বৃহস্পতিবাৰে নিশা গোলাঘাটৰ আঠখেলীয়া চাৰিঙীয়া গাঁৱত সংঘটিত হয় এই ঘটনা।

আক্রমণত থিতাতে মৃত্যু হয় দ্বীপেন দাস নামৰ লোকজনৰ। অন্যহাতে আক্রমণত আহত হয় দ্বীপেন দাসৰ পত্নী আৰু পুত্র।

আহতদ্বয়ক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্রেৰণ কৰা হৈছে। দ্বীপেন দাস নামৰ লোকজনক আক্রমণ কৰে নাজিদুল হুছেইন নামৰ এজনে।

পৰিয়ালটোৰ আটাইকেইজনকে আক্রমণ কৰে নাজিদুলে। অভিযুক্ত নাজিদুলৰ বাসগৃহ ভাঙি লণ্ডভণ্ড উত্তেজিত লোকৰ। অগ্নিসংযোগ কৰে নাজিদুলৰ ঘৰ আৰু ব্রইলাৰ ফাৰ্মত।

আৰু পঢ়ক: নিৰাপদ স্থানলৈ যোৱাৰ সময়তে বানে উটুৱাই নিলে যুৱকক, মৃত্যু…

golaghat Assam police crime murder case