/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ae86a023-2906-41af-89c2-552bafe7206f/golaghat.jpg)
golaghat
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া নিজৰ ব্যতিক্ৰমী কামৰ বাবে প্ৰায়ে চৰ্চা লৈ আহে। নিজৰ সমষ্টিটোক এক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে তেওঁৰ নাৰাবিছিন্ন প্ৰচেষ্টা ক্ৰমে সুফল দিবলৈ আৰম্ভ কৰা দেখা গৈছে।
বিগত সময়চোৱাত নানা ধৰণৰ অভিনৱ কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছত এইবাৰ বিধায়ক গৰাকীয়ে অসমত কৃষি আৰু গ্ৰাম্য পৰ্যটনৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যৰে অহা ১৩ নৱেম্বৰত গোলাঘাট জিলাৰ খুমটাইত আয়োজন কৰিছে 'অনাই বনাই খুমটাই' শীৰ্ষক এক ৰাষ্ট্ৰীয় মানৰ সম্পূৰ্ণ মাৰাথান প্ৰতিযোগিতা ।
"ডেষ্টিনেশ্যন খুমটাই- খুমটাইলৈ যাওঁ ব'লক" কাৰ্যসূচীৰ অধীনত আয়োজন কৰিবলৈ লোৱা এই সম্পূৰ্ণ মাৰাথান কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত যোৱা ৩০ অক্টোবৰত বিধায়ক গৰাকীয়ে সজাগতামূলক এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। সমষ্টিটোৰ ৪২ কিলোমিটাৰ আৰু ২১ কিলোমিটাৰ দৈৰ্ঘ্যত হ'বলগীয়া মাৰাথান প্ৰতিযোগিতাৰ পথসমূহ পৰিষ্কাৰকৰণৰ বাবে পুৱাতেই খোজেৰে ওলাই আহিল বিধায়ক মৃনাল শইকীয়াৰ লগতে শতাধিক যুৱক যুৱতী ।
খুমটাই পৰ্যটন ক্ষেত্ৰৰ কৰ্মকৰ্তাসকলৰ সৈতে ৪৫ কিলোমিটাৰ পথ খোজকাঢ়ি ৰাজহুৱা পৰিষ্কৰণ কাৰ্য সমাপন কৰে । পুৱাই খোজকাঢ়ি পথৰ কাষত পৰি থকা প্লাষ্টিক বুটলিলে বিধায়ক সহিতে সকলোৱে। পোনপ্ৰথমবাৰৰ বাবে প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত হ’বলগা মাৰাথন প্ৰতিযোগিতাখনিৰ বাবে যথেষ্ট আশাবাদী বিধায়কগৰাকী।
আনহাতে স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি মেলামৰাৰ পৰ্যটন ক্ষেত্ৰৰ পৰা আৰম্ভ হ'বলগীয়া মাৰাথানৰ সুদীৰ্ঘ পথছোৱা যাতে সম্পূৰ্ণ পৰিষ্কাৰ হৈ থাকে তাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাইছে বিধায়কগৰাকীয়ে।