গোলাঘাটত ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিশেষ পলিঅ’ প্ৰতিষেধক অভিযান…

গোলাঘাটত ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিশেষ পলিঅ’ প্ৰতিষেধক অভিযান…

author-image
asomiyapratidin
New Update
গোলাঘাটত ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিশেষ পলিঅ’ প্ৰতিষেধক অভিযান…

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান । শুকুৰবাৰে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈৰ সভাপতিত্বত অনুষ্ঠিত জিলা টাস্ক ফ'ৰ্চৰ এখন সভাত জিলা টীকাকৰণ বিষয়া ডাঃ জ্যোতি দেউৰীয়ে এই বিষয়ে প্ৰকাশ কৰে ।

Advertisment

পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত তেওঁ এই অভিযানৰ বিতং ব্যাখ্যা আগবঢ়াই কয় যে বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গোলাঘাটকে ধৰি অসমৰ ১৯ খন জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস (Sub-National Immunization Day) ৰূপায়ন কৰাৰ নিৰ্দেশ দিছে ।

সেই অনুসৰি সমাজ কল্যাণ, শিক্ষা, শক্তি, ৰে'ল, পৰিবহণ আৰু বিভিন্ন বিভাগৰ সহযোগত গোলাঘাট জিলাৰ প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনত পলিঅ' প্ৰতিষেধক অভিযান চলোৱাৰ লক্ষ্য লোৱা হৈছে । এই অভিযানৰ অধীনত জিলাখনৰ এক লাখৰো অধিক শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব । তেওঁ কয় যে ভাৰতত ২০১১ চনৰ জানুৱাৰী মাহৰ পৰা আৰু অসমত ২০০৮ চনৰ জুন মাহৰ পিছত এটিও শিশু পলিঅ'ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই ।

ভাৰতক এখন সম্পূৰ্ণৰূপে পলিঅ'মুক্ত দেশৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এটিও শিশু যাতে প্ৰতিষেধকৰ পৰা বাদ নপৰে তাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অধীনত ঘৰে ঘৰে গৈ আৰু বিদ্যালয় তথা বিভিন্ন ৰাজহুৱা স্থানত শিশুসকলক পলিঅ'ৰ প্ৰতিষেধক সেৱন কৰোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই অভিযান সফল কৰি তোলাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ অভিভাৱকসকলক বিনাদ্বিধাই নিজৰ সন্তানক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাবলৈ আহ্বান জনায় ।

অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই কয় যে গোলাঘাট জিলাখনক পলিঅ'মুক্ত কৰাৰ বাবে নিৰিক্ষণ আৰু চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । তেওঁ এই অভিযানৰ সময়ত যাতে এটাও শিশু বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলৰ প্ৰতি আহ্বান জনায় ।

সভাত চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু প্ৰতিনিধি আৰু স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰী, চিকিৎসক আৰু নাৰ্ছসকল উপস্থিত থাকে ।

assam golaghat himanta biswa sarma