গোলাঘাটত ব্লক নিৰ্মাণ কাৰখানাত অঘটন, মেছিনত সোমাই বিছিন্ন হ’ল শ্ৰমিকৰ হাত…

গোলাঘাটত ব্লক নিৰ্মাণ কাৰখানাত অঘটন, মেছিনত সোমাই বিছিন্ন হ’ল শ্ৰমিকৰ হাত…

author-image
asomiyapratidin
New Update
গোলাঘাটত ব্লক নিৰ্মাণ কাৰখানাত অঘটন, মেছিনত সোমাই  বিছিন্ন হ’ল শ্ৰমিকৰ হাত…

ডিজিটেল সংবাদ, গোলাঘাট: ৰাজ্যখনৰ বিভিন্ন স্থানৰ চাহ কাৰখানাত সমূহত কৰ্মৰত কেইবাজনো শ্ৰমিক কাৰখানাত যন্ত্ৰাংশত পৰি আহত হোৱাৰ বাতৰিৰ মাজতে আজি গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দলৌজানৰ এটা ব্লক নিৰ্মাণ কৰা এটা কাৰখানাতো এক অঘটন সংঘটিত হোৱাৰ কথা জানিব পৰা গৈছে ৷

Advertisment

জানিব পৰা মতে কাৰখানাটোত কাম কৰি থকা অৱস্থাত এটা চলন্ত যন্ত্ৰত এজন শ্ৰমিকৰ হাত সোমাই যোৱাত মূহুৰ্ততে হুৱাদুৱা লাগে । কাষতে থকা অন্য শ্ৰমিকসকলে তেওঁক উদ্ধাৰৰ বাবে আগবাঢ়ি আহে যদিও শ্ৰমিকজনে শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱাৰ লগতে সোঁহাতখন প্ৰায় বিছিন্ন হৈ পৰে।

আঘাতপ্ৰাপ্ত শ্ৰমিক জনৰ নাম ছাফ্ৰাছ আলম আৰু তেওঁৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। শ্ৰমিকজনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য‌ই বিৰাজ কৰে।

আৰু পঢ়ক: যুৱ অলিম্পিকত উজ্বলিল লখিমপুৰৰ ৫ টাইকোৱানডো খেলুৱৈ

assam golaghat accident