/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/Untitled-2-copy.jpg)
ডিজিটেল ডেস্ক: সৰস্বতী পূজাৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল গোলাঘাট-ফৰকাটিং উৰণীয়া সেঁতু। কিন্তু উদ্বোধনৰ প্ৰায় ৩ দিন পিছতেই বহি গ'ল উৰণীয়া সেঁতুৰ বৃহত অংশ।
৪৫ কোটিতকৈ অধিক টকাৰ ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল উৰণীয়া সেঁতুৃখন। কিন্তু উদ্বোধনৰ এসপ্তাহ নোহওঁতেই উৰণীয়া সেঁতুখনৰ বৃহত অংশ বহি যোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশই।
বহুতেই অভিযোগ উত্থাপন কৰি কৈছে যে উৰণীয়া সেঁতুখন নিৰ্মাণত হৈছে বৃহত কেলেংকাৰী । লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা প্ৰায় ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতুখনৰ এটা অংশ বহি যোৱাৰ পিছতেই এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।