গোলাঘাট জিলাত কৃষি বিভাগৰ উদ্যোগত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা…

গোলাঘাট জিলাত কৃষি বিভাগৰ উদ্যোগত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা…

author-image
asomiyapratidin
New Update
গোলাঘাট জিলাত কৃষি বিভাগৰ উদ্যোগত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা…

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে । তেওঁ জিলাখনত ৰূপায়িত কৃষি বিভাগৰ বিভিন্ন আঁচনি বিশেষকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ বিষয়ে বিতংভাবে বুজ লয় ।

উপায়ুক্তগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলক শীঘ্ৰে চিনাক্ত কৰাৰ বাবে প্ৰস্তুত কৰি থকা তথ্যভাণ্ডাৰৰ কামৰ অগ্ৰগতিৰো বুজ লয় । তেওঁ এজনো যোগ্য কৃষক যাতে বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে তথ্যৰ সত্যতা নিৰূপণ প্ৰক্ৰিয়া এমাহৰ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ।

তেওঁ এই অভিলাষী আঁচনিৰ দ্বাৰা উপকৃত হোৱা অযোগ্য খেতিয়কসকলৰ নাম কৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ২০১৯ চনত আৰম্ভ কৰা এই আঁচনিৰ অধীনত একোজন কৃষকক তিনিটা কিস্তিত বছৰি ৬ হাজাৰ টকা প্ৰদান কৰা হয় । এই ধন পোনে পোনে কৃষকৰ বেংক একাউণ্টত জমা হয় ।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা, সহকাৰী আয়ুক্ত অম্লান ফুকন, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, মহকুমা কৃষি বিষয়াসকল, কৃষি উন্নয়ন বিষয়াসকল, কৃষি সম্প্ৰসাৰণ বিষয়াসকল আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

assam golaghat himanta biswa sarma bjp