/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3f16fd5a-fef4-47aa-8cdd-1982df9248fb/golaghat.jpg)
golaghat bookfair
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটত অহা ১৮ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ গোলাঘাট গ্রন্থমেলা আৰু সাহিত্য উৎসৱৰ প্ৰস্তুতি সম্পূর্ণ হৈ উঠিছে।
আজি গোলাঘাট সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। লাইখুঁটা স্থাপন কৰে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা আৰু গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে। এই উপলক্ষে ভক্স পপলীৰ সভাপতি তথা উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ ফুকনে আঁত ধৰা সভাৰ পৌৰোহিত্য কৰে উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি পূর্ণ ৰাজখোৱাই।
সভাত প্রবীণ সাংবাদিক দ্বীপেন দত্ত, গোলাঘাটৰ পৌৰপতি দুলুমণি বৰবৰাকে প্ৰমুখ্য কৰি বক্তাসকলে গ্রন্থমেলাৰ সফলতা কামনা কৰাৰ লগতে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে।
আজিৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অভিৱৰ্তন গোস্বামী, গোলাঘাট জিলা সমিতিৰ সভাপতি নিৰঞ্জন সোণোৱাল, সাধাৰণ সম্পাদক প্রিন্স দলে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা, উপদেষ্টা নলিনী ৰঞ্জন বৰুৱা, জিলা সভাপতি নিকুঞ্জ মেধি, উপদেষ্টা আব্দুল হাছিম, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱা, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ৰাজুমণি বেজবৰুৱা, গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, আটাছুৰ কৃষ্ণ বৰুৱা, অসম যুৱ পৰিষদৰ ৰাজীৱ লস্কৰ, আটাছাৰ জগদীশ বৰাইক আদি উপস্থিত থাকে।
অহা ১৮ নৱেম্বৰত বিয়লি ৩ বজাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে আনুষ্ঠানিকভাৱে গ্রন্থমেলাখনি উদ্বোধন কৰিব। উদ্যাপন সমিতিৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই সভাপতিত্ব কৰিবলগীয়া উদ্বোধনী অনুষ্ঠানত বিশিষ্ট লেখক ৰঞ্জু হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি. উদয় প্রবীণ আদি নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব।
সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।