/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6d02170c-85f8-4167-9889-66f133337c45/gola.jpg)
golaghat athkhelia namghar
ডিজিটেল সংবাদ,গোলাঘাট: সোমবাৰে পুৱা গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ হস্তীদ্বাৰ বন্ধ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ উল্লেখ্য যে,৯ ছেপ্টেম্বৰত খগেন্দ্ৰনাথ হাজৰিকাক সভাপতি আৰু চক্ৰেন শইকীয়াক সম্পাদক হিচাপে লৈ গঠন হোৱা সমিতিখন অবৈধ-অসাংবিধানিক আখ্যা দি কৰ্ণধাৰ সমিতিয়ে উক্ত সমিতিখনক নামঘৰত প্ৰৱেশৰ নিষেধৰ হুংকাৰ দিছিল৷
ইয়াৰ পিছতে আজি নতুন সমিতিখনে দায়িত্বভাৰ গ্ৰহণৰ উদ্দেশ্য নামঘৰলৈ অহাত হস্তীদ্বাৰত তলা লগোৱাক লৈ এক উতপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ উক্ত স্থানত জিলা-আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত থকা লগতে কেইবা শতাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে৷
ইফালে পুৱা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে এভাগি শৰাই,ধূপ-বন্তি জ্বলাবলৈ সমাগম হৈছিল যদিও নামঘৰৰ দ্বাৰ বন্ধ হোৱাত ভক্তপ্ৰাণ ৰাইজে শৰাই,ধূপ-বন্তি আগবঢ়োৱাৰ পৰা বঞ্চিত হোৱাত দুখ প্ৰকাশ কৰিছে৷
ইফালে নতুনকৈ গঠন হোৱা সমিতিখনে যিকোনো উপায়েৰে নামঘৰত প্ৰৱেশ কৰিব বুলি জানিবলৈ দিছে ৷ উল্লেখযোগ্য যে ২০১৩ বৰ্ষৰ পৰা দুই ফৈদৰ মাজত উদ্ভৱ হোৱা এই সংঘাতে ২০১৬ বৰ্ষত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। উক্ত বৰ্ষত নামঘৰৰ ভিতৰতে সংঘটিত হোৱা সংঘৰ্ষৰ ফলত নামঘৰৰ মজিয়া তেজেৰে ৰাঙলী হৈছিল।