শান্তিপূৰ্ণ ভোটদানৰ বাবে ভোটাৰক ধন্যবাদ গোলাঘাট আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ

শান্তিপূৰ্ণ ভোটদানৰ বাবে ভোটাৰক ধন্যবাদ গোলাঘাট আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত জিলাখনত হোৱা মুঠ ভোটদানৰ হাৰ হ'ল ৭৭.১৪ শতাংশ। যাৰ ভিতৰত পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ ৭৭.৬৭ শতাংশ আৰু মহিলা ভোটাৰৰ ভোটদানৰ হাৰ ৭৬.৬০ শতাংশ। ভোটগ্ৰহণ প্ৰক্ৰিয়াত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।

ঠিক তেনেদৰে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া গোলাঘাটত সফলতাৰে সম্পন্ন হোৱাৰ ক্ষেত্ৰত ভোটাৰৰ লগতে সংবাদমাধ্যমৰ যোগাত্মক ভূমিকাৰ বাবে জিলা প্ৰশাসনে ধন্যবাদ জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in