গোলাঘাটত 'অসম মাইক্র'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১'ৰ সাহায্য প্ৰদান...

বীৰাংগণা সাধনী কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ ৩,৮৪৬ গৰাকী হিতাধিকাৰী আইমাতৃক সাহায্য বিতৰণ কৰা হয়
golaghat
golaghat

ডিজিটেল ডেস্ক, গুৱাহাটী : অসমৰ আইমাতৃ সকলক মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান বা ঋণ প্ৰদানকাৰী সংস্থা সমূহৰ ঋণৰ বোজাৰে ভাৰাক্ৰান্ত হৈ থকাৰ পৰা সকাহ প্ৰদানৰ উদ্দেশ্যে 'অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (এমএফআইআৰ এছ), ২০২১'ৰ অধীনত শনিবাৰে গোলাঘাটৰ চেলেঙীত থকা বীৰাংগণা সাধনী কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ ৩,৮৪৬ গৰাকী হিতাধিকাৰী আইমাতৃক সাহায্য বিতৰণ কৰা হয়।

জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ইতিমধ্যে ৬ কোটি ৭ লাখ ১১ হাজাৰ টকা অনুমোদন কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আইমাতৃসকলৰ এই দীৰ্ঘদিনীয়া ঋণগ্ৰস্থতাৰ সমস্যাৰ অৱসান ঘটোৱাৰ লগতে, অসমৰ মহিলা সকলক উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰি সময়মতে ঋণ পৰিশোধ কৰাৰ প্ৰসংগত নিজৰ মত প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই কয় যে - জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন ধ্বজাবাহী আঁচনি প্ৰস্তুত কৰি ফলপ্ৰসূ ৰূপায়ন কৰি আহিছে। অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডৰ অধীনস্থ হিতাধিকাৰী সংখ্যা বৃদ্ধি, ৰেচন কাৰ্ডৰ অধীনস্থ হিতাধিকাৰী সকলক প্ৰতিবছৰে পাঁচ লাখ টকা পৰ্যন্ত স্বাস্থ্যবীমাৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে।

মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয় যে - মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনে মহিলা সবলীকৰণৰ দিশত লোৱা এই ঐতিহাসিক আঁচনিখনে বহু আই-মাতৃৰ দুখৰ চকুলো তথা হতাশাৰ কলীয়া ডাৱৰ আঁতৰাবলৈ সক্ষম হ'ব।

ঋণৰ ধনৰ সদব্যৱহাৰৰ যোগেদি নিজৰ পৰিয়ালৰ লগতে দহৰ উন্নয়ন সাধন কৰিব পাৰিলে ঋণ লোৱা কাৰ্য্য কেতিয়াও বেয়া হ'ব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে উপস্থিতি সকলোকে সময় সাপেক্ষে ব্যৱসায়-বাণিজ্য, সন্তানৰ শিক্ষা আদি বিভিন্ন কাৰণত বেংক বা অন্য সংস্থাৰ পৰা ঋণ ল'বলগীয়া হ'লেও সময়মতে ঋণ পৰিশোধ কৰি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনৰ প্ৰমুখ্যে গোলাঘাট পৌৰসভাৰ পৌৰপতি শ্ৰী দুলুমণি বৰা, জিলা প্ৰশাসনৰ বিষয়া তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in