হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভণি মন্ত্ৰী অজন্তা নেওগৰ…

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভণি মন্ত্ৰী অজন্তা নেওগৰ…

author-image
asomiyapratidin
New Update
হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভণি মন্ত্ৰী অজন্তা নেওগৰ…

ডিজিটেল সংবাদ, দিছপুৰ : শনিবাৰে কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে গোলাঘাটৰ নিজ সমষ্টিত উপস্থিত হয় বিত্ত আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। গোলাঘাট সমষ্টিৰ অন্তৰ্গত ওৱাটিং পঞ্চায়তৰ দীৰ্ঘদিনীয়া সমস্যা হাতী-মানুহৰ সংঘাত। এই সমস্যাৰ পৰা স্থানীয় ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে বনবিভাগে আবন্টন দিয়া ৬ কিঃমিঃ দৈৰ্ঘ্যৰ সৌৰশক্তি চালিত ওলমা ফেন্সিং প্ৰকল্পৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ বিত্ত আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে ।

Advertisment

এই প্ৰকল্পৰ শুভাৰম্ভণি কৰি মন্ত্ৰী নেওগে কয় যে- খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰাইজে এই প্ৰকল্পৰ জৰিয়তে সকাহ পাব। ইফালে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 'সখী এক্সপ্ৰেছ আঁচনি' ৰ অধীনত শনিবাৰে গোলাঘাট পূৱ উন্নয়ন খণ্ডৰ পদুমনি আৰু গমাৰিগুৰি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়িকা তথা ৰাজ্যিক বিত্তমন্ত্ৰী গৰাকীয়ে।

এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বেংক সখী, বীমা সখী, পশু সখী আৰু কৃষি সখীকে আদি কৰি মুঠ ৩৮ গৰাকী সামূহিক কৰ্মীৰ মাজত স্কুটী বিতৰণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে " গ্রামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সৱলীকৰণৰ বাৰ্তা প্ৰচাৰ কৰাত সখীসকলে তেওঁলোকক প্ৰদান কৰা বাহন সমূহৰ সঠিক ব্যৱহাৰ কৰিব" ।

আনহাতে, বিত্তমন্ত্ৰী গৰাকীয়ে শনিবাৰে পুৱাই জিলাখনৰ ঐতিয্যমণ্ডিত ফৰকাটিং মহাবিদ্যালয়ত উপস্থিত হয়।
মহাবিদ্যালয়খনে আয়োজন কৰা ছাত্র-ছাত্ৰী তথা শিক্ষকসকলৰ সৈতে বিত্তমন্ত্ৰী গৰাকীয়ে এক অন্তৰংগ আলাপ অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে-" বিশ্বায়নৰ যুগত প্ৰতিযোগিতামূলক যুঁজখনত নিজৰ শিপাক খামুচি ৰাখি আগুৱাই যাবলৈ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই নিবলৈ শিক্ষক, অভিভাৱক আৰু আমাৰ সকলোৰে কৰণীয় আছে।

তেওঁ লগতে কয় যে – শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

assam himanta biswa sarma bjp