গোলাঘাটত ‘ঘৰে ঘৰে পাইপযোগে গেছ যোগান’ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ…

গোলাঘাটত ‘ঘৰে ঘৰে পাইপযোগে গেছ যোগান’ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ…

author-image
asomiyapratidin
New Update
গোলাঘাটত ‘ঘৰে ঘৰে পাইপযোগে গেছ যোগান’ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ…

ডিজিটেল ডেস্ক, গোলাঘাট : অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত গোলাঘাট নগৰত ঘৰে ঘৰে পাইপযোগে গেছ যোগান ধৰা আঁচনিৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গোলাঘাট এমেচাৰ থিয়েটাৰ হলত আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমেই অসম গেছ কোম্পানীক এই আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ গোলাঘাট পৌৰসভাক এসপ্তাহৰ ভিতৰত ইয়াৰ বাবে প্ৰয়োজন হোৱা অনুমতি আৰু অন্যান্য অনুমোদনৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Advertisment

অৱশ্যে আঁচনিখনৰ সফল ৰূপায়নৰ বাবে নগৰখনত থকা প্ৰায় ১০ হাজাৰ গ্ৰাহকৰ সহযোগিতা লাগিব বুলি তেওঁ উল্লেখ কৰে। লগতে কয় যে গোলাঘাট নগৰত বাট-পথ, পানী যোগান আৰু পাইপযোগে গেছৰ যোগান এই তিনিওটা সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে। এটা কামতো যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে আৰু সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়,  তাৰ বাবে তিনিওটা বিভাগৰ বিষয়াসকলৰ সৈতে একেলগে বৈঠক অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। গোলাঘাটবাসী ৰাইজক এই আঁচনিৰ সফল ৰূপায়নৰ বাবে পাইপলাইন বহাওঁতে সৃষ্টি হ'ব পৰা সমস্যাসমূহৰ ক্ষেত্ৰত বিভাগ আৰু গেছ কোম্পানীৰ বিষয়া-কৰ্মচাৰীসকলক সহযোগ কৰিবলৈ আহ্বান জনায়।

পাইপ গেছৰ ব্যৱহাৰৰ দ্বাৰা একোটা পৰিয়ালৰ বহু ধন ৰাহি হ'ব, কিন্তু তাৰ বাবে জন সচেতনতাৰ প্ৰয়োজন আছে। গোলাঘাটৰ ১৩ টা ৱাৰ্ডৰ ৰাইজে দায়িত্ব ল'লেহে পাইপলাইন বহুওৱা কাম সময়মতে হৈ উঠিব বুলি তেওঁ মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। এই কামখিনি কৰোঁতে ৰাস্তা নিৰ্মাণ আৰু পানীৰ পাইপলাইনত যাতে কোনো ক্ষয়-ক্ষতি নহয়, তাৰ বাবে বিষয়টোৰ ওপৰত উপায়ুক্তক নজৰ দিবলৈ তেওঁ আহ্বান জনায়। তাৰ বাবে প্ৰতিটো ৱাৰ্ডত নিৰীক্ষণ সমিতি গঠনৰো তেওঁ পৰামৰ্শ আগবঢ়ায়। পৌৰসভাৰ দুখন পানী যোগান আঁচনিৰ কাম চলি আছে আৰু যমুনা পুনৰুজ্জীৱিতকৰণৰ কাম হাতত লোৱা হৈছে। কিছুমান ৱাৰ্ডত কৃত্ৰিম বানপানীৰ সমস্যা নোহোৱা কৰাৰ বাবেও কাম চলি আছে। অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চেলেঙীত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি তেওঁ উল্লেখ কৰে। লগতে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ আৰু ধোদৰ আলিৰ উন্নীতকৰণ কৰা হ'ব বুলি তেওঁ কয় ।

অনুষ্ঠানত অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই কয় যে কেৱল ৫০০ টকা দি পঞ্জীয়ন কৰিয়েই ৰাইজে পাইপযোগে গেছ লাভ কৰিব। মাহৰ মূৰত মোবাইলৰ যোগেদিয়ে বিল আদায় দিব পাৰিব। পাইপ গেছৰ ব্যৱহাৰৰ ফলত দুৰ্ঘটনা হ্ৰাস পাব লগতে অসমত ১ লাখ লোকক পাইপেৰে গেছৰ সংযোগ দিয়াৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। এতিয়া গেছৰ কোনো অভাৱ নাই আৰু বোকাখাতলৈকে পাইপেৰে গেছ যোগান ধৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে । গোলাঘাটৰ কাষৰীয়া চাহ বাগিচা সমূহতো গেছ যোগানৰ বাবে চিন্তা কৰা হৈছে বুলি তেওঁ কয়। পঞ্জীয়নৰ বাবে দুই-এদিনতে এটা প'ৰ্টেল মুকলি কৰা হ'ব আৰু সকলোকে এই প'ৰ্টেল বা অফলাইনযোগে পঞ্জীয়ন কৰিবলৈ তেওঁ আহ্বান জনায়। 

অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই গোলাঘাট নগৰত অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত পাইপযোগে গেছ যোগানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি জনিবলৈ দিয়ে। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী,  জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা,  অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ কুমাৰ গগৈ,  পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী,  মহাপ্ৰবন্ধক মনোজ কুমাৰ বৰুৱা,  বিজেপিৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক : ডিচেম্বৰ মাহৰ ভিতৰত কাৰ্যকৰী হ'ব কা!

assam himanta biswa sarma bjp ajanta neog