গহপুৰৰ ৬ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকলৈ মুখ্যমন্ত্ৰীৰ সন্মান

গহপুৰৰ ৬ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকলৈ মুখ্যমন্ত্ৰীৰ সন্মান

ডিজিটেল সংবাদ, ছয়দুৱাৰ: জীৱনৰ সুদীৰ্ঘ দিন শৈক্ষিক সেৱা আগবঢ়াই জীৱনটোক মহীয়ান কৰি তোলা গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ ৬ গৰাকী অৱসৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানক মঙলবাৰে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মান প্ৰদান কৰে। নিৰ্বাচিত উক্ত ৬ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাবে সন্মান জনাই গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰালৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা সম্বৰ্ধনা আজি মহকুমাধিপতি আৰু বিধায়ক উৎপল বৰাৰ নেতৃত্বত ঘৰে ঘৰে গৈ প্ৰদান কৰি শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰা হয়।

ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জগদীশ শৰ্মা, টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিলমণি শৰ্মা, ৰাষ্ট্ৰভাষা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিদ্যা গগৈ দাস,পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ বৰা,গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন বৰা আৰু ৰাজ্যিকৰ লগতে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: যুগল বৰাক এই সন্মান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰা হয় শিক্ষককেইজনক।উক্ত কাৰ্য্যসূচীত গহপুৰ মহকুমাৰ নিৰ্বাচনী বিষয়া পূজা পুনম গগৈ, সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ আৰু গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনীষ ভড়ালীয়ে সহযোগিতা আগবঢ়ায়।

গহপুৰৰ ৬ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকলৈ মুখ্যমন্ত্ৰীৰ সন্মান
পাঁচ শতাধিক শিক্ষানুষ্ঠানত একেদিনাই মুক্ত পুথিভঁৰাল "প্ৰজ্ঞান" উন্মোচন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in