শিক্ষক নাই, এসপ্তাহে তলা বন্ধ গহপুৰৰ ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ

শিক্ষক নাই, এসপ্তাহে তলা বন্ধ গহপুৰৰ ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ:-প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক মান উন্নীতকৰণৰ ওপৰত যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে বিশেষ ভাবে গুৰুত্ব দি আহিছে ঠিক সেই সময়তে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত যোৱা এসপ্তাহ ধৰি তলা ওলমি থকা কাৰ্য্যই চকু কপালত তুলিছে সচেতন ৰাইজৰ।গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাসৰ চুড়ান্ত দায়িত্বহীনতাৰ বাবে এসপ্তাহ ধৰি তলা ওলমি থকা বিদ্যালয়খন হৈছে ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়।

হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ঘাঁহিগাঁও এলেকাত অৱস্থিত এই বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।১৯৩১ চনতে স্থাপিত এই বিদ্যালয়খনত তলা ওলমি থকা কাৰ্য্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘাঁহিগাঁও অঞ্চলত।জানিব পৰামতে-ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষক নৱজ্যোতি শৰ্মাই যোৱা ৩০ এপ্ৰিলত চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে।

দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ অন্ততঃ যোৱা ৩০ এপ্ৰিলত নৱজ্যোতি শৰ্মাই বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ স্থানত কোনো এগৰাকী শিক্ষকক নিযুক্তি নিদিয়াৰ ফলতে এসপ্তাহে তলা বন্ধ হৈ আছে বিদ্যালয়খন।

এইবিষয়ে স্থানীয় ৰাইজ তথা অভিভাৱকে ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাসক লিখিত আকাৰে জনোৱাৰ পিছতো শিক্ষা বিষয়াগৰাকীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উথাপন হৈছে।অতি সোনকালে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ স্বাভাৱিক কৰি তুলিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ ওচৰত কঠোৰ দাবী জনাইছে স্থানীয় ৰাইজে।

শিক্ষক নাই, এসপ্তাহে তলা বন্ধ গহপুৰৰ ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ
বিজেপি সাংসদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগঃ মল্লযুঁজাৰুৰ সমৰ্থনত ওলাই আহিছে হাজাৰ হাজাৰ কৃষক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in