হিতাধিকাৰীৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পঞ্চায়তৰ প্ৰতিনিধিলৈ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত গহপুৰত সংঘটিত কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
শিক্ষকতাৰ লগতে ঠিকা,ৰাজনীতিতো জড়িত! নিলম্বিত হ'ল চৰকাৰী শিক্ষক

ডিজিটেল সংবাদ, গহপুৰঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত গহপুৰত সংঘটিত কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি স্বয়ং পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন লোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

Advertisment

অভিযোগ অনুসৰি গহপুৰৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বিষয়া ৰানাদ্বীপ চুতীয়া , পঞ্চায়তৰ সভানেত্ৰী ৰিজুমনি কাকতি আৰু অনান্য প্ৰতিনিধিৰ গোপন বুজাবুজিত পঞ্চায়তীৰাজ ব্যৱস্থাক দুৰ্নীতি আৰু স্বজন তোষনৰ মাজেৰে গহপুৰ সমষ্টিৰ দক্ষিণ কলাবাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা পৰিলক্ষিত হৈছে।

প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে পঞ্চায়তটোৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা পিংকি দত্ত কলিতা আৰু ১০ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা ৰানু শইকীয়াৰ নামত আবণ্টন হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। ইয়াৰ বিপৰীতে পঞ্চায়তটোৰ অন্তগৰ্ত একাংশ খাটিখোৱা লোক আছে যি এটা চৰকাৰী ঘৰ পাবলৈ হাহাকাৰ কৰিব লগা হৈছে ৷

সাংবাদিকৰ স্বজমিন তদন্তত পোহৰলৈ আহিছে এই গৃহ নিৰ্মাণৰ প্ৰথম কিস্তি ইতিমধ্যে আদায় দিছে যদিও দুয়োগৰাকী প্ৰতিনিধিয়ে গৃহৰ খুটা এটাও স্থাপন নকৰাকৈ আত্মসাৎ কৰিছে টকা। এইয়াই নহয় পিংকী দত্ত কলিতাৰ পুত্ৰ - জীয়ৰী চৰকাৰী চাকৰিয়াল বুলিও জানিব পৰা গৈছে ।

Also Read: নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা চিমেন্ট ভৰ্তি ট্রাকৰ