গহপুৰৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত ১৪০ ফুট দৈৰ্ঘ্যৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

গহপুৰৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত ১৪০ ফুট দৈৰ্ঘ্যৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

author-image
Asomiya Pratidin
New Update
গহপুৰৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত ১৪০ ফুট দৈৰ্ঘ্যৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

ডিজিটেল সংবাদ, গহপুৰঃ মৰ্ণিং ষ্টাৰ হাইস্কুল।গহপুৰৰ বৰঙাবাৰীৰ ইংৰাজী মাধ্যমৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান।পাঠ্যক্ৰমৰ পাঠৰ উপৰিও ক্ৰীড়া, সাংস্কৃতিক, নৈতিক, আধ্যাত্মিক, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিবলৈ আন্তৰিক পদক্ষেপ চলাই আহিছে বিদ্যালয়খনে।

Advertisment

শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত কালি উন্মোচন কৰা হয় ১৪০ ফুট দৈৰ্ঘ্যৰ এখন প্ৰাচীৰ পত্ৰিকা ।বিদ্যালয়খনৰ তিনিশ ছাত্ৰ-ছাত্ৰীৰ লেখাৰে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমনি বৰাই।

Also Read: মোডীলৈ ছোনিয়াৰ চিঠি...