সদ্য ঘোষিত NEET পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীৰে ছাত্ৰ-ছাত্ৰীৰ ভাৱ বিনিময় অনুষ্ঠান…

সদ্য ঘোষিত NEET পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীৰে ছাত্ৰ-ছাত্ৰীৰ ভাৱ বিনিময় অনুষ্ঠান…

author-image
asomiyapratidin
New Update
সদ্য ঘোষিত NEET পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীৰে ছাত্ৰ-ছাত্ৰীৰ ভাৱ বিনিময় অনুষ্ঠান…

ডিজিটেল সংবাদ গহপুৰঃ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত সদ্য ঘোষিত NEETৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা ককিলাগুৰিৰ স্মৃতি ৰাণী চুতীয়া, বৰঙাবাৰীৰ শতাব্দী ৰাজখোৱা আৰু অসম-অৰুণাচল সীমান্তৰ বৰপুখুৰীৰ আন এগৰাকী মেধাবী ছাত্ৰী উদাংশ্ৰী ৰাণী বাসুমতাৰীক ফুলাম গামোচা আৰু সঁফুৰাৰে অভিনন্দন জনোৱাৰ লগতে বিদ্যালয় খনৰ ছাত্র ছাত্ৰী সকলৰ লগত ভাৱৰ- আদান প্ৰদান কৰা হয়।

Advertisment

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত শংকৰদেৱ শিক্ষা নিকেতনত তথা শৈলজ্জা সংকল্প ট্ৰাষ্টৰ সভাপতি উদয় আদিত্য গোস্বামী, আৱাসিক বিদ্যালয়খনৰ অধ্যক্ষ ড০ যুগল বৰা, বিদ্যালয়খনৰ একাডেমিক পঞ্জীয়ক জয়ন্ত শইকীয়া, শৈলজা সংকল্প ট্ৰাষ্টৰ ন্যাসৰক্ষী তথা জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া, সফল অভিভাৱক বুধিৰাম বাসুমতাৰী, সফল অভিভাৱিকা তথা ডুবিয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্নিগ্ধা ৰাণী গোস্বামী আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষায়ত্ৰী সকল উপস্থিত থাকেl