Advertisment

গহপুৰত ৭ ঠাইত ছিগিল ব্ৰহ্মাজান নদীৰ মথাউৰি, শংকিত নৈপৰীয়া ৰাইজ…

গহপুৰত ৭ ঠাইত ছিগিল ব্ৰহ্মাজান নদীৰ মথাউৰি, শংকিত নৈপৰীয়া ৰাইজ... বিগত প্ৰায় এটা সপ্তাহ ধৰি অব্যাহত থকা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে

author-image
asomiyapratidin
New Update
গহপুৰত ৭ ঠাইত ছিগিল ব্ৰহ্মাজান নদীৰ মথাউৰি, শংকিত নৈপৰীয়া ৰাইজ…

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ বিগত প্ৰায় এটা সপ্তাহ ধৰি অব্যাহত থকা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে গহপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা একাধিক পাহাৰীয়া খৰস্ৰোতা নদী। মহকুমাৰটোৰ মাজেৰে বৈ যোৱা ছত্ৰং আৰু সোলেঙী নদীৰ বাঢ়নী পানীয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ সময়তে শেহতীয়াকৈ মহকুমাটোৰ হেলেম ৰাজহ চক্ৰ এলেকাৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা ব্ৰহ্মাজান নদীৰ বাঢ়নী পানীয়ে মথাউৰি খহাই নিয়াৰ ফলত বৰ্তমান সমীপৱৰ্তী নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। উল্লেখ্য যে, সোমবাৰে নিশাও অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত নৈ খনৰ উফন্দি উঠা বাঢ়নী পানীৰ তীব্ৰ গতি সম্পন্ন স্ৰোতধাৰাই নিশা প্ৰায় ১ মান বজাত ৭ ঠাইত মথাউৰি খহাই লৈ যায়।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৩০টা দিন…

ইয়াৰ ফলত নিশাৰ ভাগত ব্ৰহ্মাজান আৰু মহেন্দ্ৰপুৰ এলেকাৰ  নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়। মথাউৰি খহাই তীব্ৰ গতিত ওলাই নদী খনৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্ৰাৱিত কৰি তুলিছে উক্ত এলেকা দুটাৰ কৃষি ভূমি। ভুক্তভোগী নৈপৰীয়া ৰাইজে বাঢ়নী পানীয়ে ঘৰ বাৰী উটুৱাই নিয়াৰ আশংকাত গছৰ ডাল-পাতেৰে মথাউৰিৰ খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

আনহাতে, গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱৰ লগতে জল সম্পদ বিভাগৰ গহপুৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই ভগ্ন মথাউৰি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লৈছে। উল্লেখ্য যে, নদী খনৰ মথাউৰি টোকে উক্ত এলেকাৰ নৈপৰীয়া ৰাইজে যাতায়াতৰ বাবে পথ হিচাবে ব্যৱহাৰ কৰি আহিছে। এনে ক্ষেত্ৰত মঙলবাৰে মথাউৰিটো একাধিক ঠাইত ছিন্ন-ভিন্ন হৈ পৰাত এলেকাটোৰ ৰাইজৰ যাতায়াত ব্যৱস্থা ব্যাহত তথা বিছিন্ন হৈ পৰিছে। ভুক্তভোগী ৰাইজে অনতিপলমে উক্ত ভগ্ন মথাউৰি মেৰামতি কৰি ৰাইজৰ সা-সম্পত্তিৰ লগতে জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক দাবী জনাইছে।