মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৩০টা দিন…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৩০টা দিন…

মৃদুল কুমাৰ সন্দিকৈ

ঘৰলৈ নতুন বোৱাৰী আহিলে বোৱাৰীগৰাকীৰ গুণ-গান কিছু দিনলৈ ওচৰ চুবুৰীয়াই চৰ্চা কৰে। নতুনৰ প্ৰতি সকলোৰে হেঁপাহ। বেয়াবোৰ সাধাৰণতে চকুত নপৰে । এয়া অৱশ্যে এক ভাল গুণ। বোৱাৰীগৰাকীয়ে অৰ্থাৎ ন-কইনাগৰাকীৰ সেই গুণবোৰৰ চৰ্চাৰ ধাৰাবাহিকতা পিছলৈ নাথাকে। যোৱা ১০ মে', ২০২১ত অসমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই শপত লৈছিল।

তাৰপাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা, দক্ষতা আৰু তেওঁৰ কৰ্মনিপুনতাক লৈ ব্যাপক চৰ্চা হৈছিল। পূৰ্বৰ ১৫ বছৰ মন্ত্ৰী ৰূপে তেওঁ কৰা কামৰ আধাৰতে নতুন মুখ্যমন্ত্ৰী গৰাকীক লৈ বহুতে বহুত আশা কৰি থৈছে। এই নতুন চৰকাৰে প্ৰায় এমাহ সময় অতিবাহিত কৰিলে। এমাহ ৫ বছৰৰ ভিতৰত অতি কম সময়।

কিন্তু এই এটা মাহৰ কাম-কাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কি ধৰণৰ ইংগিত প্ৰদান কৰে তাক লৈ আলোচনা কৰাতো অতি প্ৰাৰম্ভিক পৰ্যায় বুলিব পাৰি। মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা ৰাইজে দেখিছে। সেয়েহে ৰাইজে এতিয়ালৈকে তেওঁৰ ওপৰত গভীৰ আস্থা ৰাখিছে। মুখ্যমন্ত্ৰী হিচাপে আৰু মন্ত্ৰী হিচাপে তেওঁৰ কাম-কাজৰ ব্যৱধান নিশ্চয় থাকিব।

মুখ্যমন্ত্ৰী ৰূপে শপত লৈ প্রথমবাৰ দিল্লীলৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোডীক লগ কৰোতে কেইবাটাও পৰামৰ্শ দিয়া কথা দিল্লীৰ এক সংবাদমেলত নিজেই ঘোষণা কৰিছিল। তেওঁ জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰীগৰাকীক অসমৰ প্ৰতিখন জিলাত গৈ এটা ৰাতি থাকি সেই জিলাখনৰ সমস্যা সমূহ নিজেই অনুধাৱন কৰিবলৈ পৰামৰ্শ দিছিল।

হেলিকপ্টাৰৰ সলনি গাড়ীৰে গৈ জিলাখনত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে নিজেই জিলাখনৰ সমস্যা, অভাৱ আদি বিষয়ে বুজ লোৱাৰ এই পৰামৰ্শ এক ব্যৱহাৰিক পৰামৰ্শ। মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্রথম কেবিনেটত হিমন্ত বিশ্ব শৰ্মাই লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ ভিতৰত এক লাখক গণি গণি নিযুক্তি দিয়া , মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে মন্ত্ৰী অশোক সিংঘলৰ নেতৃত্বত কমিটী গঠন কৰি দিয়া আদি উল্লেখযোগ্য দিশ আছিল।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই আৰক্ষী আৰু সাধাৰণ প্রশাসনত ব্যাপক সালসলনি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত এই সিদ্ধান্ত কিমান সমিচিন তাক লৈও আলোচনা চলিছিল। তথাপিও মুখ্যমন্ত্ৰীয়ে এক সুস্থ আৰু ক্ষীপ্ৰ প্ৰশাসনৰ বাবে এনে কৰা বুলি ৰাইজে বিশ্বাস কৰিছে। যদি সেই বিশ্বাস সঁচা হয় তেনেহ'লে হিন্দী ছবিৰ 'নায়ক'ৰ দৰেই মুখ্যমন্ত্ৰীয়ে একেদিনাই নহ'লেও কেইদিন মানৰ ভিতৰত এনে সিদ্ধান্ত লৈ এক সাহসী পদক্ষেপ গ্ৰহণ কৰা বুলি বহুতে ক'ব খোজে।

সেই প্ৰশাসনীয় সংস্কাৰ আৰু কৰ্মসংস্কৃতি গঢ় দিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান সফল হয় সেয়া সময়ে ক'ব। যোৱা এটা মাহত তেওঁৰ তৎপৰতা শৰ্মাৰ চৰকাৰে অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা আদি এক যোগাত্মক দিশ বুলিব পাৰি। অৱশ্যে এই সময়ত এনে উচ্ছেদ অভিযানৰ প্ৰাসংগিকতা কিমান সেয়া মানৱীয় দৃষ্টি ভংগীৰে বিচাৰ কৰাৰো প্ৰশ্ন উত্থাপন হৈছে।

ড্ৰাগছৰ বিৰুদ্ধে এই চৰকাৰে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া পূৰ্বতে কেতিয়াও হোৱা নাছিল। অতি কম সময়ৰ ভিতৰতে আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। এই সময়চোৱাত আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰবোৰ আৰু উদ্ধাৰ হোৱা নিচাজাতীয় সামগ্ৰীবোৰৰ পৰিমানে এই কথা বুজাই যে এই নেক্সাছ দীৰ্ঘদিন ধৰি চলি আছে।

তেনে সামাজিক ব্যাৰ্ধিৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় ইমান দিনে ব্যৱস্থা ল'ব পৰা নাছিল সেয়াও এক ডাঙৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে আৰক্ষী সঞ্চালকৰ কাৰ্যালয়লৈ গৈ আৰক্ষীৰ সৈতে মুখ্যমন্ত্ৰীয়ে নিজেই গৈ তেওঁলোকৰ সমস্যা সমূহৰ সমাধানৰ আৰু ইয়াৰ বুজ লোৱাতো এক ইতিবাচক দিশ বুলিব পাৰি। ব্যস্ততাৰ মাজতো পুৱতি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়লৈ গৈ কোভিড চিকিৎসা ব্যৱস্থা কেনেদৰে হৈছে তাৰো বুজ লৈছে।

মুখ্যমন্ত্ৰীৰ এনে তৎপৰতা শলাগিব লগা। তেওঁ এই কথা জানে যে কেতিয়া কি কাম কৰিব লাগে। সেই ধৰণে তেওঁ যোৱা এটা মাহ সুপৰিকল্পিতভাৱে প্ৰতিটো কাম কৰাৰ চেষ্টা কৰিছে। কেৱল ৰাজনৈতিক বা সামাজিক দিশতেই নহয়, মুখ্যমন্ত্ৰীয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সন্দৰ্ভতো শেহতীয়া খবৰ ৰাখিছে।

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পদক জয় লাভ কৰি ঘূৰি অহা শিৱ থাপাক সাক্ষাৎ কৰি তেওঁক তিনি লাখ টকা ধন প্ৰদান কৰি উৎসাহিত কৰিছে। একেদৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোঁহাইৰ সফলতাতো সমভাগী হৈছে। কোভিডৰ চিকিৎসা আগবঢ়াই থকাৰ মাজতে লংকাত চিকিৎসক সেউজ সেনাপতিৰ নামৰ চিকিৎসক গৰাকীক অতি বৰ্বৰভাৱে প্ৰহাৰ কৰা ঘটনালৈও তেওঁ যে সচেতন সেই কথা তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনাই আছিল।

অপৰাধীক কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ধৃত অপৰাধী কেইজনৰ নামো তেওঁ ৰাজহুৱা কৰি ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল যে তেওঁ য'তেই নাথাকক ৰাজ্যখনৰ প্ৰতিটো দিশ তেওঁৰ নখদৰ্পনত থাকে। ব্যস্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙালৈ গৈও কাজিৰঙাৰ বন কৰ্মীসকলৰ খবৰ লোৱাৰ লগতে আগন্তুক বানৰ বাবে কেনে ধৰণে প্ৰস্তুতি চলাইছে তাৰো বুজ লৈছিল।

প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই মুখ্যমন্ত্ৰী ৰূপে শপত লৈয়েই প্রথমটো ভ্ৰমণসূচী লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছিল মাজুলীলৈ। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই সমষ্টিটোত নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাবলৈ গৈ কেইটামান কিশোৰক একেলগে এসাজ খোৱাৰ প্ৰতিশ্ৰুতি দি আহিছিল। সেই চৰকাৰী সূচীৰ মাজতেই মুখ্যমন্ত্ৰীয়ে এই কিশোৰ কেইগৰাকীৰ লগত একেলগে এসাজ খাই অন্তৰংগভাৱে কিছু বাৰ্তালাপো কৰিছিল।

মুখ্যমন্ত্ৰী শৰ্মাই বটদ্ৰৱালৈ গৈওঁ তাৰ পৰিৱেশ-পৰিস্থিতি বুজ লৈছে। সাধাৰণতে মঠ-মন্দিৰলৈ গৈ ভালপোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সময়চোৱাত কেইবাবাৰো মন্দিৰলৈ গৈ আশীষ লৈছে। এইবোৰ দিশত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই যোৱা এটা মাহত কোনো ক্ৰুটি নৰখাকৈ দৈনন্দিন ৰুটিন আগবঢ়াই নিছে।

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ দিনালিপি পঢ়িলে এটা কথা বুজা যায় যে মুখ্যমন্ত্ৰী হিচাপে এজন ব্যক্তিয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ কিমান ব্যস্ত আৰু প্ৰতিটো দিনতেই কিমান সমস্যাৰ সন্মুখীন হ'ব লাগে। সেই সমস্যাসমূহ তেতিয়াই সমাধান কৰাৰ বাবে যোগাযোগ বা আন পৰিবহন ব্যৱস্থা এতিয়াৰ দৰে সুচল নথকা অৱস্থাতো বৰদলৈয়ে অতি দক্ষতাৰে এই সমস্যাবোৰ সমাধান কৰিছিল।

অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী হিচাপে দৈনন্দিন তেওঁ কি কৰিলে বা তেওঁ প্ৰতিদিনাই কৰা প্রধান কামবোৰ , সিদ্ধান্তবোৰ জানিবলৈ তেওঁ ফেচবুক পেজৰ টাইমলাইনত চকু ফুৰালেই যথেষ্ট। বৰদলৈৰ সেই দিনলিপি অসম প্ৰকাশন পৰিষদে গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনালিপি প্ৰতিজন মানুহেই তেওঁৰ ফেচবুকৰ টাইমলাইনত অধ্যয়ন কৰিব পাৰে।

প্ৰথম কেবিনেটৰ পাছতেই ঘোষণা কৰা হৈছিল যে- প্ৰতি সপ্তাহৰ বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব।এই কেবিনেট বৈঠক সমূহত ৰাজ্যৰ সমস্যাৰাজী, বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজে বিচৰা ধৰণে অতি সুদক্ষতাৰে সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজক লৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে তেঁঁও পূৰ্বতকৈ পৃথক হ'ব।

অতি শেহতীয়াকৈ ৮ জুন, ২০২১ত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গঠন কৰিলে। ইয়াৰ ভিতৰত উল্লেখযোগ্য সিদ্ধান্ত সমূহ হ'ল- পূৰ্বতে প্ৰদান কৰি অহা অসম ৰত্ন বঁটা প্ৰতিবছৰে নিয়মীয়াকৈ প্ৰদান কৰা , তিনিজনক অসম বিভূষণ , ৫জনক অসমভূষণ আৰু ১০জনক অসমশ্ৰী সন্মান প্ৰদান আৰু পূৰ্বৰ পৰম্পৰা ভংগ কৰি বিশিষ্ট কথাশিল্পী হোমেন বৰগোঁহাঞিৰ জন্মদিনত সাহিত্যিক পেঞ্চন, ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ক্ৰীড়াবিদৰ পেঞ্চন আৰু শিল্পী দিৱসত শিল্পী পেঞ্চন প্ৰদানৰ কথা ঘোষণা কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একো একোজন মন্ত্ৰীক জিলা অভিভাৱকৰ দায়িত্ব প্ৰদান কৰা এটা উল্লেখযোগ্য দিশ আছিল। বৰদোৱা প্ৰকল্পৰ বাবে ৩৫ বিভা মাটি পুনৰ আৱন্টন, বানপানী সাহায্যৰ কৰ্তৃত্ব ক্ষয়ক্ষতি অনুদান প্ৰদানৰ বাবে উপায়ুক্তক ক্ষমতা দিয়া আদি এক উল্লেখযোগ্য সিদ্ধান্ত। ছিপাঝাৰত গৰুখুটিৰ বেদখল মুক্ত মাটিত কৃষি পৰিকল্পনা, কয়লা ছিণ্ডিকেট প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ আদি উল্লেখযোগ্য দিশ।

প্ৰতিখন কেবিনেটে এনে ভাল লগা সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও শাসক বিৰোধী বিধায়ক সকলৰ সৈতে মন্ত্ৰী সকলৰ নিয়মীয়া বৈঠক আৰু সেই বৈঠকত যি সমস্যা বা পৰামৰ্শ মন্ত্ৰীগৰাকীয়ে লাভ কৰে সেই পৰামৰ্শ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কেবিনেট আৰম্ভ হোৱাৰ পূৰ্বে অনানুষ্ঠানিকভাৱে আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক টিপছ দিছিল।

এইবোৰ দিশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে আগন্তুক সময়চোৱাত গুৰুত্ব সহকাৰে কাৰ্যত পৰিণত কৰে সেয়া লক্ষণীয় হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক লৈ কোনেও প্ৰশ্ন কৰা নাই। কিন্তু অত্যাধিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে তেওঁ কৰা কিছু কামে তেওঁক সমালোচনাৰ কাঠগড়াত উঠাই আহিছে।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ তেনে কিছু অভ্যাস বা প্ৰৱণতা ত্যাগ কৰাতো সকলোৱে বিচাৰে। বিধানসভাৰ প্ৰথমখন অধিবেশনতে ৰাজ্যপালৰ ভাষণক লৈ হোৱা বিতৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক আছিল। মানসিক ৰোগী সাজি এগৰাকী বিধায়কক তুচ্ছ-তাচ্ছিল্য কৰা এই প্ৰৱণতাৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুক্ত হ'ব নোৱাৰিলে এনেবোৰ দিশত তেওঁ সদায় সমালোচনাৰ সন্মুখীন হৈ আহিব।

ৰাজ্যত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দৰে সফলতা দাবী কৰিব নোৱাৰে। আজিও বহু লোকে কোভিডৰ প্ৰথম ড'জ লোৱাৰ পাছত দ্বিতীয়টোৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে। আঁচনি ৰূপায়নৰ নামত পূৰ্বৰ চৰকাৰৰ দিনত যিমান ধন অপব্যয় কৰা হ'ল সেই পৰম্পৰা ৰক্ষা কৰিলে অসমীয়া মানুহৰ স্বাৱলম্বী এক ধাৰাক চৰকাৰী পৃষ্ঠপোষকতাত ধ্বংস কৰা হ'ব।

কোভিড পৰিস্থিতিৰ মাজতে বিহাৰৰ দৰে ৰাজ্যই দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰি ফলাফলো ঘোষণা কৰিলে। অসমৰ ক্ষেত্ৰত পৰীক্ষা হ'ব নে নহ'ব সেই সিদ্ধান্ত লওঁতেই চৰকাৰে ইমান পলম কৰিলে যে ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিল। অৱশ্যে শেষত ১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত এই পৰীক্ষা সমূহ পূৰ্বৰ পৰম্পৰাৰ বিপৰীতে নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব বুলি ইংগিত প্ৰদান কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

কেৱল সমালোচনা কৰিব লাগে বুলিয়েই এজন মানুহক সমালোচনা কৰা অনুচিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো বিৰোধীয়ে প্ৰশংসাৰে উপচাই পেলাইছে। এই প্ৰশংসা আৰু তোষামোদে যাতে তেওঁৰ আত্মবিশ্বাসক অহংকাৰলৈ পৰিণত নকৰে সেই দিশতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সজাগ-সচেতন হোৱাৰ প্ৰয়োজন।

তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে প্ৰথম এমাহতেই দুটাকৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছিল। তাৰে এটা গেম ভিলেজৰ ফ্লেট বিক্ৰীৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীজনে অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। আনটো অভিযোগ হ'ল- পূৰ্বৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তেওঁৰ অঙহী-বঙহীক নিযুক্তি দিয়াৰ অভিযোগ।

পূৰ্বৰ চৰকাৰৰ দিনত ১০জনকৈ লোকক এই গৰাকী মন্ত্ৰীয়ে নিযু্ক্তি দিয়া বুলি তথ্য প্ৰমাণ সহকাৰে ৰাকেশ মাঝি নামৰ এজন যুৱকে সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগ সাধাৰণ অভিযোগ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষভাৱে এনে অভিযোগক গুৰুত্ব নিদিলে বা গুৰুত্বহীন কৰি তুলিলে পৰোক্ষভাৱে তেওঁ মুখ্যমন্ত্ৰী হিচাপে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in