গহপুৰ নগৰত পকী নলা নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ বোকাৰ ওপৰতে ঢালিছে পিচিচি ঢালাই

দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা এইখন চৰকাৰৰ কাৰ্য্যলয়ত চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি আৰু অনিয়মৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাবলৈহে লৈছে।

author-image
Asomiya Pratidin
New Update
গহপুৰ নগৰত পকী নলা নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ বোকাৰ ওপৰতে ঢালিছে পিচিচি ঢালাই

ডিজিটেল সংবাদ, ছয়দুৱাৰ: দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা এইখন চৰকাৰৰ কাৰ্য্যলয়ত চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি আৰু অনিয়মৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাবলৈহে লৈছে। গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গহপুৰ পৌৰসভাৰ এলেকাত নিৰ্মীয়মাণ অৱস্থাত থকা কোটিটকীয়া নলা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শূণ্য সহণশীলতাৰ শ্ল'গানক কৱৰস্থ কৰি তোলাৰ লগতে চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত হোৱা লুণ্ঠণৰ অঘোষিত প্ৰতিযোগিতাৰ এখন বাস্তৱ ছৱি প্ৰতিফলিত কৰি তুলিছে।

Advertisment

উল্লেখযোগ্য যে পৌৰসভা আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত গহপুৰ পৌৰসভা এলেকাত ১২ টা পকী নলা নিৰ্মাণৰ বাবে যোৱা ৯ জানুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক উৎপল বৰাই। সেই অনুসৰি-অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত পকী নলাসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।

গহপুৰ পৌৰসভা এলেকাৰ অন্যান্য প্ৰান্তৰ দৰে ৩ নং ৱাৰ্ডৰ চতিয়াচুকতো নিৰ্মাণ কৰা হয় পকী নলা।চতিয়াচুকত নিৰ্মিয়মান অৱস্থাত থকা উক্ত পকী নলা নিৰ্মাণত ভয়াবহ দুৰ্নীতি আৰু অনিয়ম আজি স্ব-স্বক্ষে ধৰা পেলাই স্থানীয় সাংবাদিকে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণদিশে চতিয়াচুকৰ সমীপত নিৰ্মাণ কৰা উক্ত পকী নলাৰ মজিয়াত যি ধৰণে ঢালাই ঢালিছে সেই দৃশ্য দেখি আচৰিত হৈ পৰে সাংবাদিকগৰাকীৰ লগতে স্থানীয় ৰাইজ। উল্লেখযোগ্য যে, উক্ত স্থানত নিৰ্মাণ কৰা নলাৰ মজিয়া পৰিপূৰ্ণ হৈ আছে কেৱল বোকাৰে।

ভুই ৰোব পৰা এই বোকাৰ ওপৰতে আজি কৰ্তব্যৰত শ্ৰমিকে ঢালিছে পিচিচি ঢালাইৰ মিশ্ৰণ। নলাৰ মজিয়াৰ বোকা অংশ সমূহ চাফাই নকৰাকৈ কোমল মাটিৰ ওপৰত কেৱল বোকাৰ ওপৰত ঢালি গৈছে পিচিচিৰ মিশ্ৰণ।

চৰকাৰী আঁচনিৰ সিংহভাগ ধন লুণ্ঠন কৰাৰ নিকৃষ্ট স্বাৰ্থত অতি নিম্নমাণৰ কাম কৰা লখিমপুৰৰ "শইকীয়া" উপাধিৰ ঠিকদাৰজনৰ এনেধৰণৰ কামক লৈ মুঠেই সন্তুষ্ট নহয় স্থানীয় ৰাইজ।কেৱল চতিয়াচুকতে যে এনেধৰণৰ নিম্নমাণৰ কাম হৈছে তেনে নহয়।

পৌৰসভা এলেকাত নিৰ্মিয়মান প্ৰতিটো নলা নিৰ্মানতে সংঘটিত হৈছে এনেধৰণৰ দুৰ্নীতি আৰু অনিয়ম। কেৱল মিস্ত্ৰীৰ ওপৰতে সকলো দায়িত্ব দি আঁচনিৰ গাইডলাইন উলংঘা কৰি চলাই গৈছে পকী নিৰ্মাণৰ কাম।

স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে-কৰ্মস্থলীত আজিলৈকে দেখা নাই লখিমপুৰৰ জনৈক শইকীয়া উপাধিৰ ঠিকাদাৰ গৰাকীৰ লগতে লোক নিৰ্মাণ বিভাগৰ এজনো বিষয়া-অভিযন্তা। কৰ্মস্থলীত অভিযন্তাৰ উপস্থিতি অৱিহনে চলা নিৰ্মাণৰ কাম কিমান নিম্নমানদণ্ডৰ হ'ব পাৰে সেয়া সহজেই অনুমেয়। ইপিনে-স্থানীয় ৰাইজক আঁচনিৰ সম্পৰ্কে অন্ধকাৰত ৰাখি সিংহভাগ ধন পকেটত ভৰোৱা কৰাৰ নিকৃষ্ট মানসিকতাৰ বাবে আজিলৈকে কৰ্মস্থলীত স্থাপন নকৰিলে আঁচনিৰ প্ৰাককলনৰ ফলক।

স্থানীয় ৰাইজে গহপুৰ পৌৰসভা এলেকাত সংঘটিত হোৱা উক্ত পকী নলা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰি সমগ্র বিষয়টো বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে।

দুৰ্নীতি গহপুৰ