গহপুৰৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত হিতাধিকাৰীৰ পৰা ঘোচ ল'লে বিষয়াই...

লুণ্ঠনৰ মুকলি বজাৰলৈ পৰিণত হৈছে গহপুৰৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত হিতাধিকাৰীৰ পৰা ঘোচ ল'লে বিষয়াই...

ডিজিটেল সংবাদ, গহপুৰঃ লুণ্ঠনৰ মুকলি বজাৰলৈ পৰিণত হৈছে গহপুৰৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়।ঘোচ নিদিলে খোজ কাম নকৰাতো এতিয়া সাধাৰণ নিয়মত পৰিণত হৈছে কাৰ্যালয়টোৰ একাংশ বিষয়া কৰ্মচাৰীৰ।

Advertisment

অনুদান দিয়াৰ নামত দৰিদ্ৰ ৰাইজৰ তেজ শুহি খোৱা পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰী বিশ্ব পেগুৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং শঁকুৰা(৯ নং ৱাৰ্ড)ৰ বেবী পেগু নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ পৰা আই বি এছ আঁচনিৰ অনুদান দিয়াৰ নামত ৬ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘোচ লৈও কৰ্মচাৰী জনে দৰিদ্ৰ মহিলাগৰাকীক চুড়ান্ত ভাৱে প্ৰতাৰণা কৰি আহিছে।এই সমগ্র বিষয়টোৰ সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া ৰাণা দ্বীপ চুতীয়া সম্পূৰ্ণ ৰূপে জ্ঞাত যদিও ৰহস্য জনক ভাবে বিষয়াগৰাকীয়ে চকু মুদা কুলীৰ ভাও ধৰি আছে। গতিকে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা হাতত লব নে সেয়া হ'ব লক্ষণীয়।

Also Read: পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! হানি-খুচি মহিলাই হত্যা কৰিলে স্বামীক...