গহপুৰত ১৯ গৰাকী সমাজহিতৈষী লোকক বঁটা প্ৰদান...

গহপুৰত "নৰ্থ আছাম নাউ"ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু "বাটৰ কেনভাচ অসম"ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author-image
Asomiya Pratidin
New Update
গহপুৰত ১৯ গৰাকী সমাজহিতৈষী লোকক বঁটা প্ৰদান...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰৰ ৱেব পৰ্টেল "নৰ্থ আছাম নাউ"ৰ চতুৰ্থ বৰ্ষপুৰ্তি আৰু অসমৰ চিত্ৰশিল্পী সকলৰ সন্মিলিত মঞ্চ "বাটৰ কেনভাচ অসম"ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। অনুষ্ঠান দুটিয়ে আজি সন্মিলিত ভাৱে গহপুৰ নগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰৰ ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্মৃতি উদ্যানত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে।

Advertisment

কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰুৱাই। ইয়াৰ পিছতে "বাটৰ কেনভাচ অসম"ৰ ২১ গৰাকী শিল্পীয়ে ২১ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে "নৰ্থ আছাম নাউ"ৰ চাৰি গছি বন্তি প্ৰজ্বলন কৰে ক্ৰমে উদযাপন সমিতিৰ সভাপতি ৰাজকিশোৰ প্ৰসাদ, সম্পাদক নিলোৎপল বৰকাকতী, বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সম্পাদক ধ্ৰুৱ বৰা আৰু বাটৰ কেনভাচ অসমৰ কেন্দ্ৰীয় সম্পাদক দীপন দিহিংগীয়াই।

উক্ত অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৮ গৰাকী বিশিষ্ট ব্যক্তি সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়। ইয়াৰে নৰ্থ আছাম নাউৱে ১৩ গৰাকীক আৰু বাটৰ কেনভাচ অসমে ৬ গৰাকীক ৰাজহুৱাভাৱে প্ৰদান কৰে এই সন্মান।

অনুষ্ঠানটোত দুয়োখন ভৰি নথকা যুৱ কৃষক চন্দামাৰী বঙালীৰ গোপাল নাগক টঙনা গাঁৱৰ কৃষক যোগেন বৰাৰ স্মৃতিত শ্ৰেষ্ঠ কৃষক সন্মান, দুয়োখন ভৰি বিকল প্ৰাক্তন সেনা জোৱান নাৰায়ণ গগৈক নাহৰণী গাঁৱৰ নিৱাসী স্বাধীনতা সংগ্ৰামী মনোৰম বৰা সোঁৱৰণী বীৰ সৈনিক সন্মান, মুঢ়ানিগাঁৱৰ ৰমা কাকতিত ককিলা চাৰিআলিৰ ধৰ্মপ্ৰাণা মহিলা তিখেশ্বৰী বৰাৰ স্মৃতিত নামঘৰীয়া সন্মান, গহপুৰৰ নাট্যকৰ্মী তিলক দিহিঙীয়াক বৰঙাবাৰীৰ ভকতচুকৰ নিৱাসী তথা অসমৰ বিশিষ্ট নাট্যশিল্পী প্ৰবীন শইকীয়া স্মৃতিত শ্ৰেষ্ঠ নাট্যকৰ্মী সন্মান প্ৰদান কৰা হয়।

তদুপৰি গহপুৰৰ প্ৰাঞ্জল নগৰৰ নিৱাসী তথা শাস্ত্ৰীয় সংগীত প্ৰশিক্ষক ঝৰ্না নাথক সংগীত শিল্পী নুপুৰ হাজৰিকাৰ স্মৃতিত সংগীত সাধক সন্মান, ককিলা চাৰিআলিৰ নিৱাসী,গহপুৰৰ জ্যেষ্ঠ সাংবাদিক দ্বীপ কুমাৰ শৰ্মাক গহপুৰৰ জ্যেষ্ঠ সাংবাদিক মমিন দাসৰ স্মৃতিত নিষ্ঠাৱান সাংবাদিক সন্মান, বিশ্বনাথৰ বামগাঁও নিৱাসী তথা যোৱা ১৫ বছৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত আন্তৰিক প্ৰচেষ্টা চলাই অহা সত্ৰীয়া নৃত্যৰ প্ৰতিষ্ঠিত প্ৰশিক্ষক পল্লৱী গোস্বামী মহন্তক "নৰ্থ আসাম নাউ সত্ৰীয়া সংস্কৃতি সাধক" সন্মান প্ৰদান কৰা হয়।

ইয়াৰ উপৰিও পূৰ্বজ্যোতি নিগমৰ শিক্ষয়িত্ৰী মীৰামণি সন্দিকৈক বৰডোপৰ নিৱাসী কৃতি শিক্ষক পূণ্য প্ৰসাদ বৰুৱাৰ স্মৃতিত গুৰুদেৱ সন্মান, গহপুৰ ধেনুধৰাৰ নিৱাসী তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক গৌতম বৰাক টকৌবাৰীৰ নিৱাসী কৃতি শিক্ষক গমন শৰ্মাৰ স্মৃতিত গুৰুদেৱ সন্মান, টেটোনবাৰীৰ নিৱাসী তথা অৱসৰপ্ৰাপ্ত চিকিৎসক ড° কৃষ্ণ কুমাৰ দেক বৰডোপৰ শিক্ষক সমাজকৰ্মী পূণ্য প্ৰসাদ বৰুৱাৰ স্মৃতিত মানৱসেৱী সন্মান, নাহৰণীৰ নিৱাসী দেৱজিৎ বৰাক অৱসৰপ্ৰাপ্ৰ ফাৰ্মাচিষ্ট, সমাজকৰ্মী হীৰণ বৰমুদৈৰ স্মৃতিত মানৱসেৱী সন্মান প্ৰদান কৰা হয়।

Also Read: বিতৰ্কই লগ এৰা নাই "অষ্টম অসম ৰাজ্যিক চলচ্চিত্র বঁটা"ক!

gohpur