/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/55c4d189-9815-4de1-a539-2288b0cd8829.jpg)
ডিজিটেল ডেস্কঃ ইমান দিনে দুয়োকে বাকযুদ্ধত লিপ্ত হৈ থকায়েই দেখা পোৱা গৈছিল। ১১ এপ্ৰিল অৰ্থাৎ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাজান গাঁও পঞ্চায়তৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত একেলগে দেখা পোৱা গ'ল কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু আৰু বিজেপি প্ৰাৰ্থী-মন্ত্ৰী পল্লৱ লোচন দাসক।
গুদামপাৰা মিৰিগাঁও স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰটোত ই ভি এমৰ বুটাম টিপিলেই জ্বলি উঠে পদুম ফুলত ভোট দিয়া সংকেত। সেই খবৰ পাই ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হয়গৈ দুয়োজন প্ৰাৰ্থী। পুৱাই দুয়োজন মুখামুখি হৈ শুভেচ্ছা বিনিময় কৰে। এই ভোটগ্ৰহণ কেন্দ্ৰটোত বৰ্তমান ভোটদান বন্ধ হৈ আছে। উল্লেখযোগ্য যে, তেজপুৰ লোকসভা সমষ্টিৰ এই দুই প্ৰাৰ্থীৰ মাজত আটাইতকৈ বেছি আক্ৰমণ-প্ৰত্যাক্ৰমণ চলিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us