অসমীয়া প্ৰতিদিনৰ বাতৰি আৰু প্ৰবন্ধৰ প্ৰভাৱঃ বন্ধ হ’ল কৃষ্ণাইত শালগছ ধ্বংসযজ্ঞ...

অসমীয়া প্ৰতিদিনৰ বাতৰি আৰু প্ৰবন্ধৰ প্ৰভাৱঃ বন্ধ হ’ল কৃষ্ণাইত শালগছ ধ্বংসযজ্ঞ...

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত গোৱালপাৰা জিলাৰ কৃষ্ণাইত হাজাৰ হাজাৰ শালগছ কাটি তহিলং কৰিবলৈ লোৱাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। বনমহোৎসৱৰ সপ্তাহ অনুষ্ঠিত হৈ থকাৰ সময়তে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে কৃষ্ণাই মধ্য বনাঞ্চলৰ বৰমটিয়াৰ সংৰক্ষিত বনাঞ্চলকে ধৰি প্ৰায় ডেৰ কিলোমিটাৰ অঞ্চলত পথৰ দুয়োকাষে থকা শালগছসমূহ কটাৰ সিদ্ধান্ত লৈছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

বিভিন্ন সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছত বনবিভাগে এই শালগছসমূহ কটাৰ বিপৰীতে ইয়াৰ বিকল্পৰ সন্ধান কৰাৰ অৱকাশ বিচাৰি পায়। অসম চৰকাৰৰ অতিৰিক্ত প্ৰধান বনসংৰক্ষক মুখ্য কাৰ্যালয়ৰ পৰা এক নিৰ্দেশ জাৰি কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে শালগছ কটাটো বন্ধ কৰিবলৈ এক জাননী প্ৰেৰণ কৰে। চিঠি নম্বৰ FGT-46/56 যোগে গোৱালপাৰাৰ বন সংমণ্ডল বিষয়াক এই নিৰ্দেশ জাৰি কৰা হয়। নিৰ্দেশত সাময়িকভাৱে সেই গছসমূহ কটা বন্ধ কৰিবলৈ কোৱা হয় অতিৰিক্ত প্ৰধান মুখ্য বনসংৰক্ষকক।

উল্লেখযোগ্য যে, ‘অসমীয়া প্ৰতিদিন’ত ৮ জুলাইত গোৱালপাৰাৰ কৃষ্ণাইত চলোৱা শালগছ ধ্বংসৰ অভিযানৰ সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল। অসমীয়া প্ৰতিদিনতে বকো-গোৱালপাৰাৰ এই পথছোৱাত হাজাৰ হাজাৰ শালগছ কটা সন্দৰ্ভত সম্পাদকীয় পৃষ্ঠাত আন এক প্ৰবন্ধ লিখিছিল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। ‘তেজ মিহলি শালগছৰ মূল্য কোনে ভৰিব’- শীৰ্ষক এই লেখাত এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে সেই শাল বনাঞ্চলৰ অতীত আৰু ইয়াক ধ্বংস কৰাৰ পাছত আহিব পৰা প্ৰত্যাহ্বান বিশেষভাৱে উল্লেখ কৰা হৈছিল।

তাৰ পাছতে ৰাজ্য চৰকাৰ তথা বন বিভাগৰ চকু মেল খাইছে। প্ৰকৃতিপ্ৰেমী দল-সংগঠন তথা সংবাদ মাধ্যমৰ এনে সক্ৰিয়তাৰ বাবে এই বনধ্বংসৰ অভিযান সাময়িকভাৱে হ’লেও বন্ধ হয়। ইয়াৰ বিকল্পৰ সন্ধানেৰে এই পথছোৱাত হাজাৰ হাজাৰ শালগছ কটাতো স্থায়ীভাৱে বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

অসমীয়া প্ৰতিদিনৰ বাতৰি আৰু প্ৰবন্ধৰ প্ৰভাৱঃ বন্ধ হ’ল কৃষ্ণাইত শালগছ ধ্বংসযজ্ঞ...
চৌদিশে পানী; নাৱৰ ওপৰতেই পাতিলে আদ্যশ্ৰাদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in