গোৱালপাৰাত জালনোটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গোৱালপাৰাত জালনোটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গোৱালপাৰা : গোৱালপাৰাত অব্যাহত আছে নকল টকা সৰবৰাহকাৰী চক্ৰৰ দপদপনি। বুধবাৰে সন্ধিয়া ৫-০০মান বজাত নকল টকাৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে আগিয়াত আৰক্ষীয়ে চলাই এক অভিযান।

এই অভিযানত বৃহৎ পৰিমাণৰ নকল টকাসহ দুগৰাকী সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে। দুই সৰবৰাহকাৰীক ক্ৰমে জামাত আলী(২৭) আৰু মুছলিম আলী (৩৫) বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আশুডুবিত।

গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ৫ লাখ ১১ হাজাৰ নকল টকা জব্দ কৰে। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰীয়ে বৃহৎ পৰিমাণৰ নকল টকাসমূহ কোনো দুষ্ট চক্ৰৰ ওচৰত বিক্ৰী কৰিবলৈ বুধবাৰে আগিয়াৰ বুধিপাৰত ৰৈ আছিল।

এই গোপন খবৰ লাভ কৰি আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত আগিয়া আৰক্ষীৰ এটি দল তৎপৰ হৈ অভিযানত নামি পৰে। দুই সৰবৰাহকাৰীক আগিয়াৰ বুধিপাৰাত পথৰ দাঁতিত সন্দেহজনক অৱস্থাত ৰৈ থকা দেখা পাই অভিযানকাৰী আৰক্ষীৰ দলটোৱে তালাচি চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰে।

পৰীক্ষাৰ অন্তত উদ্ধাৰকৃত ধনসমূহ নকল বুলি আৰক্ষীয়ে পতিয়ন যোৱাত দুয়োকে গ্ৰেপ্তাৰ কৰে। জব্দকৃত নকল টকাসমূহ ৫শটকীয়া নোট। উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা নকল টকাসহ কেইবাজনো সৰবৰাহকাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে।

গোৱালপাৰাত জালনোটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
শিৱসাগৰৰ পেট্ৰ'ল পাম্পত অঘটন ! দুৱাৰ ভাঙি ৫/৬ জনীয়া দলে উঠাই নিলে কৰ্মচাৰীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in