বন বিভাগক কোটি কোটি ৰাজহ ফাঁকি দি দিনে-নিশাই চলাই আছে বালিৰ ব্যৱসায়

বন বিভাগক কোটি কোটি ৰাজহ ফাঁকি দি দিনে-নিশাই চলাই আছে বালিৰ ব্যৱসায়

ডিজিটেল সংবাদ,গোৱালপাৰা : মাটিয়া- দোমনিত দুধনৈ নৈৰ কুখ্যাত বালিচোৰ চাবাবুল নামৰ এজন লোকে কিদৰে স্থল আৰু জলপথেৰে চোৰাং কাৰবাৰ চলাই আছে সেই তথ্য পোহৰলৈ আহিছে। জানিব পৰামতে বিভিন্ন অবৈধ কাৰ্যকলাপৰে জড়িতৰ অভিযোগ থকা ধৃত চাহাবুলৰ আন এক লুণ্ঠনৰ ভয়ংকৰ ক'লা অধ্যায় পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি চাহাবুল আৰু বন বিভাগৰ গোপন সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে। জানিব পৰামতে দুধনৈ নদীৰ প্ৰায় ৮কোটি টকীয়া মহলত বালিচোৰ চাহাবুলক লুণ্ঠন চলোৱাৰ অঘোষিত পাৰ্মিট প্ৰদান কৰাতেই বন বিভাগ ক্ষান্ত থকা নাই।

ৰঙা বালিৰ ব্যাপক লুণ্ঠনৰ বাবে কৃষ্ণাই নদীয়ো এই কুখ্যাত বালিচোৰ চাহাবুলৰ হাতত তুলি দিয়া হৈছে। RTIৰ ৰিপ'ৰ্ট অনুসৰি মাটিয়া ৰাজহ চক্ৰৰ অধীনত থকা খাৰিজা-মানিকপুৰত কৃষ্ণাই নৈৰ দুই নং বালি মহলটো নিবিদাযোগে ২৩ লাখ ১০ হেজাৰ টকাত চাহাবুলে লাভ কৰিছে।

মহলদাৰে ৭ বছৰত মহলটোৰ পৰা বালি খনন কৰি বিক্ৰী কৰা লিমিট হ'ল ১৪ হেজাৰ কিউবিক মিটাৰ অৰ্থাৎ ১৪হেজাৰ চি এম।সেই হিচাপত বছৰেকত ২ হেজাৰ চি এম,মাহেকত ১৬৬ চি এম আৰু দৈনিক মাত্ৰ ৫.৫ চি এম বালি শ্ৰমিকৰ দ্বাৰা খনন কৰি বিক্ৰী কৰিব পাৰে।

সহজ ভাষাত মহলটোৰ পৰা দৈনিক মাত্ৰ দুই/আঢ়ৈ ট্ৰেক্টৰ বালিহে মহলদাৰে বিক্ৰী কৰিব পাৰে।কিন্তু কুখ্যাত বালি চোৰৰ চৰ্দাৰ ছাহাবুল ইছলাম ওৰফে ধনো‌ই বন আৰু খনন বিভাগৰ সকলো নীতি-নিয়মক জলাঞ্জলি দি কৃষ্ণাই নৈৰ ৰঙা বালিৰ ওপৰত ভয়ংকৰ লুটৰাজ চলাই আহিছে।

নিবিদাত নিৰ্ধাৰিত বালি খননৰ সীমা ধোৱাচাঙত তুলি মহলটোৰ পৰা দৈনিক ব্যাপক হাৰত বালি খনন কৰি ডাম্পাৰে ডাম্পাৰে চোৰাংকৈ সৰবৰাহ কৰা হৈছে।স্থানীয় একাংশ ৰাইজৰ অভিযোগ অনুসৰি ট্ৰেক্টৰ আৰু পিক আপ ভানৰ লগতে মহলটোত অতিকমেও ৪০/৪৫ খন ডাম্পাৰকে ধৰি ১০/১২খন হাফডালা ট্ৰাকে মহলটোৰ পৰা বালি সৰবৰাহ কৰে।

একোখন হাফডালা ট্ৰাকে দিনত চাৰিবাৰকৈ বালি সৰবৰাহ কৰে বুলি জানিব পৰা গৈছে। বিগত বৰ্ষত দিনে-নিশাই শতাধিক ডাম্পাৰেৰে মহলটোৰ পৰা বালি চোৰাংকৈ কামৰূপ জিলালৈ সৰবৰাহ কৰা বুলি ৰাইজৰ অভিযোগত প্ৰকাশ।

সেই হিচাপত গড়ে ৪০ খন ডাম্পাৰেৰে মহলটোৰ পৰা চালান ফাঁকি দি বালি চুৰি কৰা বুলি ধৰিলেও দাগী মহলদাৰ ছাহাবুলে দৈনিক প্ৰায় ৫ লাখ আৰু মাহেকত ১.৫ কোটি টকা চৰকাৰক ৰাজহ ফাঁকি দি নিজৰ পকেটত সোমোৱাইছে। ট্ৰেক্টৰ,পিক আপ ভান আৰু হাফডালাৰ ট্ৰাকবোৰৰ হিচাপ ধৰিলে ক'লা ধনৰ পৰিসংখ্যা কিমান হ'ব সেয়া অনুমেয় ।

এনেদৰে গোৱালপাৰাৰ দুখনকৈ নদীৰ ৰাজহুৱা সম্পদ বন বিভাগৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়াক মেনেজ কৰি এটা বালিচোৰে দিনে-নিশাই লুণ্ঠন চলাই যোৱা ঘটনাক সচেতন ৰাইজে মুঠেই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। ডি এফ অ'‌ তেজশ মৰিস্বামীৰ ছত্ৰছায়াত চলি থকা এই ভয়ংকৰ লুটৰাজ বন্ধ কৰাৰ বাবে গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল কাৰ্যত: নীৰৱ।

সচেতন ৰাইজৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীলৈ প্ৰশ্ন- গোৱালপাৰাৰ বন বিভাগত চলি থকা এই বিয়াগোম লুণ্ঠন বন্ধ কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবনে ? মাত্ৰ ২/৩হেজাৰ টকাৰ ঘোচ লোৱা বিষয়া-কৰ্মচাৰীৰ হাত ওপৰলৈ তুলি ফটো লোৱা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ আৰু তদাৰকী শাখাই ৰঙা বালিৰ কোটি কোটি টকাৰ চোৰাং কাৰবাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰটো ৰাইজে মনে-প্ৰাণে কামনা কৰিছে।

এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা‌ৰ বিজেপি চৰকাৰে ৰঙা বালিৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব বুলি একাংশই উল্লেখ কৰে।

বন বিভাগক কোটি কোটি ৰাজহ ফাঁকি দি দিনে-নিশাই চলাই আছে বালিৰ ব্যৱসায়
জাপানীজ এনকেফেলাইটিছে প্ৰাণ কাঢ়িলে কামপুৰৰ এজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in