ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰাত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ দিবলগীয়া হৈছে। শুকুবাৰে নিশাও গোৱালপাৰাৰ মৰনৈত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এগৰাকী ৬৪ বছৰীয়া বৃদ্ধ কৃষক। নিহত বৃদ্ধ কৃষকগৰাকীৰ নাম হ'ল ছামচুল হক।
জানিব পৰা মতে,মৰনৈ থানাৰ অন্তৰ্গত ডুবাপাৰাৰ সোণাপুৰত শুকুবাৰে নিশা এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ধাননি পথাৰত উপদ্ৰৱ চলাই আছিল। নিজৰ খেতিডৰা হাতীৰ উপদ্ৰৱৰ পৰা বচাবলৈ নিশা ঘৰৰ পৰা ওলাই গৈছিল বৃদ্ধ কৃষক ছামচুল হক।নিজ খেতিদৰা পহৰা দি থাকোতে মাজ নিশা পিছফালৰ পৰা বনৰীয়া হাতীয়ে অতৰ্কিত আক্ৰমণ কৰে কৃষকগৰাকীক। হাতীৰ আক্ৰমণত থিতাতে নিহত হয় বৃদ্ধ কৃষকগৰাকীৰ।
এইখবৰ বিয়পি পৰাত অঞ্চলটোত মুহূৰ্ততে হুৱাদুৱা লাগে। বন বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰি নিশা ঘৰৰ পৰা ওলাই আহে। পিচত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত গোৱালপাৰা আঞ্চলিক বন বিভাগে বৃদ্ধ কৃষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৃদ্ধ কৃষকগৰাকীৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠিছে।
উল্লেখ্য যে, বিগত এটা পষেক ধৰি এজাক বৃহৎ বনৰীয়া হাতীয়ে মৰনৈৰ দহিকতা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছে। সন্ধিয়া নমাৰ লগে লগে হাতীৰ জাকটোৱে খাদ্য আৰু পানীৰ সন্ধাত মৰনৈৰ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে। এইক্ষেত্ৰত বনৰীয়া হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰাত বন বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হোৱাত ৰাইজে বন বিভাগৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে।
তদ্ৰপভাৱে কৃষ্ণাইৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী জিৰা আৰু পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ অঞ্চলটো বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজ অতীষ্ঠ হৈছে। হাতীৰ উপদ্ৰৱত দৈনিক গঞা ৰাইজৰ নিদ্ৰা হৰণ হৈ আহিছে। বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজৰ ঘৰ-দুৱাৰ, বিভিন্ন মূল্যবান সা-সম্পত্তি আৰু খেতিপথাৰ তহিলং হৈ আহিছে। ৰাইজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ ক্ষেত্ৰত বন বিভাগে বিশেষ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই।