মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুধনৈত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱাৰ পৰিয়ালৰ কাষত জয়ন্ত মল্ল বৰুৱা...
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুধনৈত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱাৰ পৰিয়ালৰ কাষত জয়ন্ত মল্ল বৰুৱা...

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুধনৈত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱাৰ পৰিয়ালৰ কাষত জয়ন্ত মল্ল বৰুৱা...

Published on

ডিজিটেল সংবাদ দুধনৈঃ গোৱালপাৰা জিলাত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভুক্তভোগী পৰিয়ালৰ কাষত আজি উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এবছুৰ বিষয়ববীয়াৰ সৈতে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত গৈ উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে এই ঘটনাৰে জড়িত প্ৰতিজন অপৰাধীকে কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।

ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্থানীয় সংবাদিকৰ আগত কয়, লোকসভা নিৰ্বাচনৰ পৰাই খিলঞ্জীয়াৰ ওপৰত বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ চলিছে। বিৰোধীয়ে কেৱল ভোট বেংকৰ স্বাৰ্থতে এনে ঘটনাত এষাৰো মাত মতা নাই। তেওঁলোকে দোষীক ৰক্ষণাবেক্ষণ দিবলৈহে চেষ্টা কৰিছে।

উল্লেখ্য যে, প্ৰায় দুমাহ পূৰ্বে হত্যাৰ বলি হৈছিল হিৰন্ময় খাখলাৰী। আজি হিৰন্ময় খাখলাৰীৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী বৰুৱাই শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি এনে বৰ্বৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে জনজাতীয় যুৱক এগৰাকীক নিজৰ গাঁৱৰ সমীপতে বৰ্বৰভাবে হত্যা কৰা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে কয়, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তথা নিৰ্বাচনৰ সময়ৰ পৰাই সমগ্ৰ অসমত খিলঞ্জীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধাৰাবাহিক ভাবে আক্ৰমণ কৰি আহিছে ৷ এনে ধৰণৰ ঘটনা কেতিয়াও সহ্য কৰা নহ’ব ৷ ইয়াৰ বিৰুদ্ধে সদায় কঠোৰ চৰকাৰ ৷ এনে ধৰণৰ ঘটনাৰ ওপৰত চৰকাৰে দৃষ্টি ৰাখিছে৷ ইয়াৰ বিহিত ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিব৷

তেওঁ পুনৰ কয়, এনে ধৰণৰ ঘটনা ৰোধৰ বাবে খিলঞ্জীয়া ৰাইজে সচেতন হ’ব লাগিব ৷ মন্ত্ৰী বৰুৱাই হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে ধৰ্ষিতা যুৱতী দুগৰাকীৰ পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত অৱগত কৰে আৰু দোষীয়ে যাতে কঠোৰ শাস্তি লাভ কৰে তাৰ বাবে বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুধনৈত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱাৰ পৰিয়ালৰ কাষত জয়ন্ত মল্ল বৰুৱা...
মন্ত্ৰী সিংহালে ক'লে- নগাওঁ, ধুবুৰীত কংগ্ৰেছৰ বিজয়ৰ পিছতে বিশেষ সম্প্ৰদায়ৰ লক্ষ্য হৈছে অসমীয়া কিশোৰী-যুৱতী
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in