তীব্ৰবেগী বাছৰ খুন্দাত প্ৰাণ গ'ল ২ যুৱকৰ...

গোৱালপাৰাৰ কৃষ্ণাইত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী বাছে মহটিয়াই নিয়ে দুই বাইক আৰোহীক।

author-image
Asomiya Pratidin
New Update
তীব্ৰবেগী বাছৰ খুন্দাত প্ৰাণ গ'ল ২ যুৱকৰ...

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ কৃষ্ণাইত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী বাছে মহটিয়াই নিয়ে দুই বাইক আৰোহীক।

Advertisment

যাৰ ফলত থিতাতে মৃত্যু হয় মনোৱাৰ হুছেইন আৰু হাফিজুল ইছলাম নামৰ দুজনৰ। লগতে গুৰুতৰভাৱে আহত মহিবুল হুছেইন নামৰ এজন।

সংকটজনক অৱস্থাত গোৱালাপাৰ অসামৰিক হাস্পতালত ভৰ্তি কৰা হয় হুছেইনক। এই দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত একাংশ লোকে ভাঙি পেলাই বাছখনৰ আইনা।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: আভ্যন্তৰীণ কন্দলে জোকাৰিছে বিজেপিক! শীৰ্ষ নেতৃত্বৰ কাষত এজনৰ পাছত আনজন

road accident