কৃষ্ণাইত জালনোটসহ আটক ৩ সৰবৰাহকাৰী

কৃষ্ণাইত জালনোটসহ আটক ৩ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,গোৱালপাৰা : গোৱালপাৰা জিলাৰ কৃষ্ণাইত জালনোটৰ বিৰুদ্ধে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে বিশেষ অভিযান চলায়। এছ টি এফৰ দল এটাই চলোৱা এই অভিযানত জালনোট সৰবৰাহকাৰী দল এটাক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ ভাষ্য অনুসৰি,এক বিশেষ সূত্ৰৰ পম খেদি জালনোটৰ সম্ভাৱ্য লেনদেনৰ গোপন তথ্য লাভ কৰি এছ টি এফৰ দলটোৱে এক অভিযান চলায়। লগতে জালনোট সৰবৰাহ কৰা চক্ৰটোৰ লেনদেন বিফল কৰা আৰু সৰবৰাহকাৰীসকলক হাতে-লোটে কৰায়ত্ব কৰাৰ উদ্দেশ্যেৰে মঙলবাৰে পুৱা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে অভিযানকাৰী দলটো ৰাওনা হয়।

গোৱালপাৰা জিলাৰ কৃষ্ণাইত এছটিএফৰ দলটোৱে প্ৰথমে এ এছ ১৮ এফ ৬৮৬৩ নম্বৰৰ মাৰুতি অল্টো গাড়ীখম আগভেটি ধৰি তালাচী চলায়। তালাচী চলোৱাৰ সময়তে গাড়ীখনত লুকুৱাই অনা জালনোটৰ বান্দিলসহ ৩জন জালনোট সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৰ ভাষ্য অনুসৰি, কৰায়ত্ব কৰা লোকসকল হৈছে- গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আনোৱাৰ হুছেইন (৫২), ৰফিক আহমেদ (৪৭) আৰু ক্ৰৱেল মাৰাক (৩৫) বুলি চিনাক্ত কৰা হৈছে। এই ধৃত কেইজনৰ পৰা জালনোটৰ ৫০০ টকীয়া ২৯ টা বান্দিল, মাৰুতি গাড়ীখন আৰু ৪টা মোবাইল ফোন জব্দ কৰা হয় বুলি উল্লেখ কৰে।

আটকাধীন ৩গৰাকী জালনোট সৰবৰাহকাৰীৰ লগতে জব্দকৃত সামগ্ৰীসমূহ কৃষ্ণাই থানাক চমজাই দিয়ে। আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত জড়িত কেউগৰাকী সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি যাৱতীয় তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ কথা জানিবলৈ দিয়ে।

কৃষ্ণাইত জালনোটসহ আটক ৩ সৰবৰাহকাৰী
দৰং মহাবিদ্যালয়ত হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বিশেষ স্মাৰক বক্তৃতানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in