গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ চুপাৰী কিলাৰসহ দুই অভিযুক্তক

গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ চুপাৰী কিলাৰসহ দুই অভিযুক্তক

author-image
asomiyapratidin
New Update
গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ চুপাৰী কিলাৰসহ দুই অভিযুক্তক

ডিজিটেল সংবাদ,গোৱালপাৰা: গোৱালপাৰা আৰক্ষীয়ে এবছৰ মূৰকত গ্ৰেপ্তাৰ কৰি ৰবিবাৰে জে'ললৈ প্ৰেৰণ কৰে আগিয়াৰ ৰবৰ খেতিয়ক তাপস ৰাভা হত্যাকাণ্ডৰ চুপাৰি কিলাৰসহ দুই অভিযুক্তক। উল্লেখ যোগ্য যে,২০২১ চনত আগিয়াৰ হাতীগাঁৱত নিজ ৰবৰ বাগানত ৰবৰ কাটি থকা অৱস্থাত তাপস ৰাভা নামৰ এগৰাকী ৰবৰ কৃষকক দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলিয়াই হত্যা কৰিছিল।

Advertisment

সেই সময়ত এই হত্যকাণ্ডক লৈ আগিয়া অঞ্চলত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। দাবী উত্থাপন হৈছিল অপৰাধীক শিঘ্ৰেই চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ। আগিয়া থানাৰ সহযোগত গোৱালপাৰা জিলা আৰক্ষীৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে এই হত্যাকাণ্ডৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ জোৰদাৰ তদন্ত চলাইছিল।কিন্তু আৰক্ষীয়ে সেইসময়ত অপৰাধীৰ একো সুংসূত্ৰ পোৱা নাছিল।

অৱশেষত এটা বৰ্ষৰ পিচত সফল হ'ল আগিয়া আৰক্ষী।গোপন সূত্ৰৰ পম খেদি আগিয়া আৰক্ষীয়ে চাৰি জুনত তাপস ৰাভাৰ হত্যাকাণ্ডত জড়িত সম্বন্ধীয় খুৰায়েক সুকুমাৰ ৰাভাক গ্ৰেপ্তাৰ কৰি জিম্মাত লয়। আৰক্ষীৰ উপৰ্যুপৰি জেৰাত পোহৰলৈ আহে ৰবৰ খেতিয়ক তাপস হত্যাৰ আচল ৰহস্য।

হত্যকাৰীয়ে আৰক্ষীক দিয়ে এক চাঞ্চল্যকৰ স্বীকাৰোক্তি।আগিয়া হাতীগাঁৱৰ ৰবৰ খেতিয়ক তাপস ৰাভাৰ সৈতে সম্বন্ধীয় খুৰায়েক সুকুমাৰ ৰাভাৰ লগত আছিল এক পাৰিবাৰিক কণ্ডল। ভতিজা ল'ৰাক হত্যা কৰি পোটক ল'বলৈ সম্বন্ধীয় খুৰায়েক সুকুমাৰে অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাৰ চুপাৰি কিলাৰ মনোজ ৰাভাক দিছিল দহ হেজাৰ টকাৰ চুপাৰি।

সেই মতে চুপাৰি কিলাৰ মনোজ ৰাভাই ২০২১ চনৰ ৩১ আগষ্টৰ পুৱা চাৰিমান বজাত জগ্গু ৰাভা নামৰ আন এগৰাকী অভিযুক্ত অপৰাধীৰ সৈতে ৰবৰ বাগানত থকা প্ৰকাণ্ড শিল এটাৰ আঁৰত লুকাই থাকি এটি হস্ত নিৰ্মিত বন্দুকেৰে নিচেই ওচৰৰ পৰা খেতিয়ক তাপস ৰাভাক গুলীয়াই হত্যা কৰি পলাই সাৰিছিল। আৰক্ষীৰ মাৰাথান জেৰাত চুপাৰি কিলিঙৰ তথ্য পোহৰলৈ অহা মাত্ৰকে পৰহি অৰ্থাৎ শুক্ৰবাৰে আগিয়া আৰক্ষীয়ে অসম-মেঘালয় সীমান্তৱৰ্তী গোৱালপাৰা জিলাৰ মেঘাদামৰ পৰা চুপাৰি কিলাৰ মনোজ ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

চুপাৰি কিলাৰ মনোজৰ স্বীকাৰোক্তি অনুসৰি আৰক্ষীয়ে শনিবাৰে সন্ধিয়া মেঘাদামৰ এক জংগলত লুকুৱাই ৰখা অৱস্থাত তাপস হত্যাকাণ্ডত ব্যৱহৃত হস্ত নিৰ্মিত বন্দুকটো স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে।হত্যাৰ অভিযুক্ত ষড়যন্ত্ৰকাৰী খুৰায়েক সুকুমাৰ ৰাভাসহ চুপাৰি কিলাৰ মনোজ ৰাভাক আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰাত আদালতে জে'ললৈ প্ৰেৰণ কৰে।ইপিনে অভিযুক্ত পলাতক সহযোগী হত্যাকাৰী জগ্গু ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই সংবাদ মাধ্যমক জানিব দিয়ে।

আৰু পঢ়ক: ঘিলামৰাত সংঘটিত হত্যাকাণ্ডত জড়িত  চাৰি অভিযুক্তক গ্ৰেপ্তাৰ…

goalpara assam