চাৰিটাকৈ গেছ চিলিণ্ডাৰৰ বিস্ফোৰণত কঁপি উঠিল গোৱালপাৰা

বুধবাৰে নিশা গোৱালপাৰা চহৰত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
চাৰিটাকৈ গেছ চিলিণ্ডাৰৰ বিস্ফোৰণত কঁপি উঠিল গোৱালপাৰা

ডিজিটেল সংবাদ গোৱালপাৰা: বুধবাৰে নিশা গোৱালপাৰা চহৰত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড।পুৰণি চহৰৰ বাদিয়াৰপাৰাৰ জ্যোতিৰঞ্জন অধিকাৰী নামৰ লোকজনৰ গৃহত সংঘটিত হৈছে এই অগ্নকাণ্ড।

Advertisment

নিশা আঠ/চাৰে আঠমান বজাত সংঘটিত এই অগ্নিকাণ্ডত ব্যক্তিজনৰ অসম আৰ্হিৰ গৃহটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। বৈদ্যুতিক বিজুতিৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি পৰিয়ালৰ লোকে জানিব দিছে।

নিমিষতে জুইয়ে ভয়ংকৰ ৰূপ লোৱাত গৃহটোৰ পৰা কোনো এপদ বস্তু ৰক্ষা কৰিব পৰা নাই।চৌহদত থকা অইন পৰিয়ালৰ গৃহলৈও জুই বিয়পি যোৱাত সেই পৰিয়ালটোৰো আংশিক ক্ষতি হয়।এই ভয়ংকৰ জুইত পৰিয়াল দুটাৰ চাৰিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত নিশা চহৰতখনত আতংকৰ সৃষ্টি হয়।

অৱশ্যে এছ ডি আৰ এফ আৰু আপদকালীন বাহিনীৰ জোৱানসকলে চাৰি/পাঁচখন অগ্নিনিৰ্বাপক গাড়ীৰে তৎপৰতাৰে ভয়ংকৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু আতংকৰ সাম কাটে।জুই লগাৰ খবৰ পাই শ শ লোক বাদিয়াৰ পাৰাত ভিৰ কৰাত অগ্নি নিৰ্বাপন কৰাত জোৱানসকলৰ ভীষণ সমস্যা হয়। ট্ৰেফিক পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।

assam fire goalpara