গোৱালপাৰাত আন এগৰাকী অভিযুক্ত জেহাদীক গ্ৰেপ্তাৰ…

গোৱালপাৰাত আন এগৰাকী অভিযুক্ত জেহাদীক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
গোৱালপাৰাত আন এগৰাকী অভিযুক্ত জেহাদীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, গোৱালপাৰা : গোৱালপাৰা আৰক্ষীয়ে আন এগৰাকী অভিযুক্ত জেহাদীক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে। বঙাইগাঁৱ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্ত জেহাদীগৰাকীৰ নাম হ'ল আব্দুছ চৌহান। ব্যক্তিজনৰ ঘৰ গোৱালপাৰা চহৰৰ উপকণ্ঠ গোবিন্দপুৰ চালাত। গ্ৰেপ্তাৰ হোৱা আব্দুছ চৌহানক বৰ্তমান গোৱালপাৰা সদৰ আৰক্ষী থানাত মাৰাথাত জেৰা চলাই থকা হৈছে।

এই সম্পৰ্কত গোৱালপাৰা আৰক্ষীয়ে সংবাদ মাধ্যমত বিতং তথ্য দিয়া নাই। বৰ্তমানলৈকে জেহাদীৰ সম্পৰ্কত গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ অভিযুক্ত জেহাদীৰ সংখ্যা হʼল তিনিগৰাকী। উল্লেখযোগ্য যে, যোৱা ১৯ আৰু ২০ আগষ্টত ক্ৰমে আব্দুছ সুবাহান আৰু জালালুদ্দিন শ্বেইখ নামৰ দুগৰাকী ইমামক ভাৰতীয় উপ-মহাদেশীয় অল কায়দা আৰু আনচাৰুল্লা বাংলা টিম চমুকৈ আই টি বিৰে জড়িত থকাৰ তথ্য প্ৰমানসহ গ্ৰেপ্তাৰ কৰি সাত দিনৰ জিম্মাত লৈছে।

উল্লেখিত অভিযুক্ত জেহাদী দুগৰাকীক দুধনৈ থানাত ৰাখি 'নিয়া'কে ধৰি অসম আৰক্ষীৰ ডি এছ বি শাখাই জেৰা চলাই আছে। তদন্তকাৰী সংস্থাসমূহৰ জেৰাত ন ন তথ্য পোহৰলৈ আহিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সেইবোৰ প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

আৰক্ষীয়ে লাভ কৰা তথ্যৰ আধাৰত এছ আই টিয়ে জিলাখনত জেহাদী নিৰ্মূৰ অভিযান চলাই আছে। এই অভিযানতে আব্দুছ চৌহানক বৃহস্পতিবাৰে আৰক্ষীয়ে বঙাইগাঁৱ জিলাৰ কোনো এঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

ইপিনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এই বিষয়ক লৈ বৃহস্পতিবাৰে পুৱাই ডিজিপি ভাস্কৰজ্যোতি মহন্তই গোৱালপাৰাত উপস্থিত হয়। তেওঁ গোৱালপাৰা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ সমগ্ৰ বিষয়টো গভীৰভাৱে পৰ্যালোচনা চলাই আছে বুলি জানিব পৰা গৈছে।

assam himanta biswa sarma guwahati Assam police