/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/740cb46d-efa7-4b98-90fb-2be89de71dd5/111.jpg)
goalpara death
ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গোৎসৱৰ আজি ৪ৰ্থ দিন। আজি মহানৱমী পূজা। দুৰ্গা পূজাৰ আনন্দৰ মাজতে গোৱালপাৰাৰ কৃষ্ণাইৰ বাবুপাৰাত সংঘটিত হয় শোকাৱহ ঘটনা।
কৃষ্ণাইৰ বাবুপাৰাৰ এখন পূজাৰ মণ্ডপত উদ্ধাৰ এজন লোকৰ মৃতদেহ। উল্লেখ্য যে বিদ্যুৎস্পৃষ্ট হৈ লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। আনহাতে মৃত লোকজনৰ দেহৰ ওপৰত এখন ফেন পৰি থকাৰো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
পূজাৰ মাজতে ৰাজ্যত যোৱা ৩ ছেপ্টেম্বৰৰ পুৱতি নিশা প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ তাণ্ডৱ চলিছিল। বৰষুণ আৰু ধুমুহাৰ ফলতেই এনেদৰে বিদ্যুৎস্পৃষ্ট হৈ লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। মৃত লোকজন ভেলাখামাৰ গাঁৱৰ প্রদীপ ৰাভা।