উত্তৰ গুৱাহাটীৰ GNRC চৌহদত নাৰ্ছৰ আত্মহত্যা, আটক চিকিৎসক সহ ২ গৰাকী নাৰ্ছ…

উত্তৰ গুৱাহাটীৰ GNRC চৌহদত নাৰ্ছৰ আত্মহত্যা, আটক চিকিৎসক সহ ২ গৰাকী নাৰ্ছ…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ আত্মহত্যাৰ ঘটনা। বৃহস্পতিবাৰে নিশা উত্তৰ গুৱাহাটীৰ জি এন আৰ চিৰ চৌহদত আত্মহত্যা কৰে এগৰাকী নাৰ্ছে।

Advertisment

জি এন আৰ চিৰ আই চি ইউ বিভাগত কৰ্মৰত আছিল নাৰ্ছ গৰাকী। এই ঘটনাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে লগতে উদ্ধাৰ কৰে এখন চুইচাইড নোটা।

চুইচাইড নোটৰ ভিত্তিতেই শনিবাৰে কামৰূপ আৰক্ষীয়ে আটক কৰে দুই গৰাকী নাৰ্ছ সহ এগৰাকী চিকিৎসক। আটক হোৱা নাৰ্ছ দুগৰাকী নিৱেদিতা নাথ আৰু ছেহনাজ আখটাৰ লগতে আটক হোৱা চিকিৎসক গৰাকী শোভনা ৰাও।

উল্লেখ্য যে, এই পৰ্যন্ত মহিলা গৰাকীৰ পৰিয়ালে দাখিল কৰা নাই এজাহাৰ। জি এন আৰ চিয়ে আৰক্ষীক অৱগত কৰা বিষয়ৰ ওপৰত ভিত্তি কৰিয়েই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে।

আৰু পঢ়ক: মৃত্যুৰ পাছতো ৫ জনৰ প্ৰাণ ৰক্ষা কৰিলে এগৰাকী মহিলাই…

assam suicide north guwahati gnrc