/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/himu-da.jpg)
ডিজিটেল ডেস্কঃ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কটৰোগ প্ৰতিষ্ঠান (এছচিআই)ত ট'ম'থেৰাপী সুবিধাৰ সৈতে এটা নতুন বিকিৰণ অংক'লজী ব্লকৰ শুভাৰম্ভণি কৰে। কেৱল অসম তথা উত্তৰ পূৰ্বাঞ্চল নহয় ভাৰতৰ সকলো চৰকাৰী চিকিৎসালয়ৰ ভিতৰতে আধুনিক প্ৰযুক্তিৰ এইটো অংকলজী বিভাগৰ প্ৰথমটো ব্লক। ২৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই অংকলজী ব্লকটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/WhatsApp-Image-2021-02-17-at-5.33.39-PM-1024x1024.jpeg)
উল্লেখ্য যে, টমোথেৰাপী হৈছে কৰ্কট ৰোগৰ বাবে এক উন্নত চিকিৎসা যি টিউমাৰ ধ্বংস বা সংকুচিত কৰিবলৈ বিকিৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। ই শৰীৰৰ আন অঙ্গ আৰু কোষৰ ক্ষতি নকৰাকৈ অৱস্থিত অঙ্গত টিউমাৰটো ধ্বংস কৰে।অন্যহাতে চিটি স্কেনিংৰ প্ৰক্ৰিয়াৰ প্ৰকৃত সময়ৰ নিৰ্ভুলতাৰ সৈতে তীব্ৰতা-মডিউলেটেড বিকিৰণ থেৰাপী (আইএমআৰটি)ৰ নিৰ্ভুলতা একত্ৰিত কৰে এই নতুন প্ৰযুক্তিটোৱে। অন্যহাতে বুধবাৰে এটা ট্ৰুবিম ৰৈখিক ত্বৰক আৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/WhatsApp-Image-2021-02-17-at-5.33.40-PM-1024x1024.jpeg)
তদুপৰি নতুন বিকিৰণ থেৰাপী ব্লকত নিৰ্মাণ কৰা বাংকাৰবোৰত দুটা লিনাক মেচিন স্থাপন কৰা হ'ব।অন্যহাতে ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত স্বাক্ষৰিত চুক্তিৰ ফলত অসম কৰ্কট ফাউণ্ডেচন (এচিচিএফ) গঠন কৰা হৈছিল যিয়ে ৰাজ্যত কৰ্কট সেৱা বিকাশৰ তত্বাৱধান কৰে। এচিচিএফে প্ৰতিষ্ঠানটো স্থাপনৰ বাবে ট'ম'থেৰাপী সুবিধা প্ৰদান কৰিছে। আৰম্ভণিৰে পৰা ৪ বছৰত এচচিআই ৰাজ্যত কৰ্কট ৰোগ নিৰাময়ৰ অভিকেন্দ্ৰ হৈ পৰিছে।
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চতুৰ্থ বাৰ্ষিকী উপলক্ষে শৰ্মাই অসম আন ৰাজ্যসমূহৰ বাবে আগন্তুক দিনবোৰত এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে। মন্ত্ৰীজনে প্ৰকাশ কৰে যে, চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত ৰাজ্যত আন ১০খন কৰ্কট চিকিৎসালয় প্ৰতিষ্ঠা কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত, আন ৭ খন চিকিৎসালয়ো স্থাপন কৰা হ'ব। তেওঁ উল্লেখ কৰে যে এবাৰ এই সকলো কেইখন চিকিৎসালয় প্ৰতিষ্ঠা হোৱাৰ পিছত অসম দেশৰ ভিতৰতে কেন্সাৰ চিকিৎসাৰ বাবে জনাজাত হ'ব।
অসমত কৰ্কট সেৱা চিকিৎসাই দেশকে নেতৃত্ব দিব বুলি আত্মবিশ্বাসী শৰ্মাই পুনৰ কয় যে জিএমচিএইচত এখন অতিথি গৃহ নিৰ্মাণ কৰাও উচিত বুলি মন্তব্য কৰে। মন্ত্ৰীজনে পৰৱৰ্তী ৫ বছৰত অসম কৰ্কটাক্ৰান্ত লোকৰ বাবে সহায়ক ঠাই হৈ উঠিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/WhatsApp-Image-2021-02-17-at-5.33.38-PM-1-1024x1024.jpeg)
আন এটা উন্নত চিকিৎসা সুবিধা পিইটি এমআৰআই আৰম্ভ কৰাৰ বিলম্বত হোৱাৰ বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, কোভিডৰ প্ৰাদুর্ভাৱ আৰু ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে এই সুবিধাটো এতিয়াও স্থাপন কৰা হোৱা নাই। অৱশ্যে তেওঁ উল্লেখ কৰে যে স্থাপনৰ পিছত, জিএমচিএইচ হ'ব এই সুবিধাটো লাভ কৰা ব্যক্তিগত আৰু ৰাজহুৱা দুয়োপ্ৰকাৰ চিকিৎসালয়ৰ ভিতৰত চতুৰ্থ।]
ইয়াৰ উপৰিও ড০ শৰ্মাই কয় যে, সঁজুলি স্থাপন আৰু আন্তঃগাঁথনি বিকাশৰ লগতে মানৱ সম্পদ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দি আছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।উল্লেখ্য যে এছচিআইয়ে ২খন আসনৰ বাবে চাৰ্জিকেল অংকোলজীত স্নাতকোত্তৰ কাৰ্যসূচী (M.Ch) আৰম্ভ কৰিবলৈ ভাৰতীয় চিকিৎসা পৰিষদৰ পৰা অনুমোদনো লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/WhatsApp-Image-2021-02-17-at-5.33.38-PM-1024x1024.jpeg)
এছচিআইৰ বাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ পৰিচালক ড০ বি চি গোস্বামী, টাটা ট্ৰাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীনাথ নৰসিংহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে অসমৰ প্ৰধান সচিব সমীৰ কে সিনহা আৰু মুম্বাইৰ প্ৰিন্স এলি হস্পিটেলৰ মেডিকেল অংক'লজী আৰু গৱেষণা সঞ্চালক ড০ তপন কুমাৰ শইকীয়া উপস্থিত আছিল।
ডঃ শইকীয়াই কোভিড-১৯ আৰু কৰ্কট ৰোগৰ বিষয়ে দিয়া বক্তব্যত ৰাজ্যখনে কি হেৰুৱাইছিল, কি হেৰুৱাইছে, আৰু পুনৰুদ্ধাৰৰ পথৰ বিষয়ে আলোচনা কৰে।