/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/coronna.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া কোভিড শীৰ্ষ পৰ্যায়ত আছে। এই সময়ছোৱাত দৈনিক ১০ হাজৰ লোক কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এই মন্তব্য কৰিছে জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ। মঙ্গলবাৰে ডাঃ শৰ্মাই কয় যে, ২৩৫ জন কোভিড আক্ৰান্ত লোকে সোমবাৰে জি এম চি এইছৰ পৰা হোম আইচলেশ্যন লৈছে । ২৫০ জন ৰোগী জি এম চি এইছত আৰু ২৫০ জন সৰুসজাইত চিকিৎসাধীন হৈ আছে।
ইয়াৰোপৰি তেওঁ কয় যে, জি এম চি এইছত বৰ্তমান কোভিড ৰোগীৰ বাবে ১২০০ বেড খালী হৈ আছে। অন্যৰোগত আক্ৰান্ত হৈ বা দুৰ্ঘটনা হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা লোকৰ বিপৰীতে কোভিডত মৃত্যু বেছি হৈছে। অন্যৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা বা দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হোৱা লোকৰ কোভিড পৰীক্ষা কৰাত যিসকলৰ দেহত কোভিডৰ উপস্থিতি পোৱা গৈছে তেওঁলোকৰ মৃত্যুকো কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ধৰা হৈছে।
আনহাতে বৰ্তমান জি এম চি এইছত ৯ জনকৈ শিশু আই চি ইউত চিকিৎসাধীন হৈ আছে। ডাঃ শৰ্মাই কয় যে, গুৱাহাটী ৪০ শতাংশ মানুহে এতিয়াও মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। জন সমাগম হোৱা স্থানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ পূৱৰ হাব হোৱাৰ বাবে কোভিড আক্ৰান্তৰ সংখ্যা গুৱাহাটীত বৃদ্ধি পাইছে ৷
আনহাতে কোভিডৰ লক্ষণ সম্পৰ্কত তেওঁ কয় যে, জ্বৰ নহ'লেও যদি পেটৰ বিষ, দুৰ্বলতা আদিৰ লক্ষণ দেহত দেখা পোৱা যায় তেনেহ'লে পলম নকৰি চিকিৎসালয়লৈ আহক। তেওঁ উল্লেখ কৰা মতে এতিয়া কোভিড হ'লে জ্বৰ নহ'বও পাৰে ৷ ইফালে ৰাইজৰ দলৰ নেতা ,তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কেও তেওঁ মন্তব্য কৰিছে। ডাঃ শৰ্মাই জনোৱা মতে বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। তেওঁ হোম আইচলেশ্যনত আছে।