/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/05e368bc-57cf-4efd-ab36-a6612fc99251/GMC.jpg)
GMC TAX WITHDRAWL
ডিজিটেল ডেস্ক : গুৱাহাটীবাসীৰ পৰা কৰ সংগ্রহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক নিবিদা দিয়া হৈছিল। শনিবাৰে কৰ সংগ্রহৰ বাবে আহ্বান জনোৱা নিবিদা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে জি.এম.চি.য়ে।
উল্লেখ্য যে শনিবাৰে অনুষ্ঠিত হোৱা মেয়ৰ আৰু কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্যক্তিগত প্রতিষ্ঠানক কৰ সংগ্রহৰ দায়িত্ব দিয়াক লৈ হৈছিল বিতৰ্ক। বিতৰ্কৰ অন্তত জি.এম.চিয়ে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
উল্লেখ্য যে গুৱাহাটীবাসীৰ পৰা কৰ সংগ্ৰহৰ বাবে পূৰ্বে মেয়ৰ আৰু কাউন্সিলৰ সৈতে বৈঠকত আলোচনা নকৰাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক ইয়াৰ দায়িত্ব অৰ্পন কৰিছিল ৰাজ্য চৰকাৰে। ইয়াৰ উপৰিও এই সন্দৰ্ভত অশোক সিংঘালৰ সৈতে গুৱাহাটীৰ ৩ বিধায়কৰ মতবিৰোধিতা হৈছিল।
কিন্তু ৰাজ্যচৰকাৰৰ এনে কাৰ্যক লৈ বিতৰ্কৰো সৃষ্টি হৈছিল। ফলত শনিবাৰে মেয়ৰ আৰু কাউন্সিলৰ সৈতে হোৱা বৈঠকত ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া নিবিদা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে জি.এম.চি.য়ে।