/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-26.jpg)
ডিজিটেল ডেস্কঃ গুৱহাটী পৌৰ নিগমত সংঘটিত হোৱা জাৱৰ নিষ্কাশনৰ কেলেংকাৰী সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত হাজিৰ হ'লগৈ গুৱাহাটী পৌৰ নিগমৰ দুই ঠিকাদাৰ। উল্লেখ্যে যে জি এম চিৰ জাৱৰ নিষ্কাশন ঠিকা লাভ কৰিছিল ডিনছান গ্লোবেল ভেন্সাৰ নামৰ প্ৰতিষ্ঠানটোৱে।
প্রতিষ্ঠানটোৰ স্বত্তাধিকাৰী দীনেশ জয়ছোৱাল। এই দীনেশ জয়ছোৱাল আৰু একেটা প্ৰতিষ্ঠানৰে প্বন্ধক চৈয়দ তাছিফোক আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জেৰা কৰে। দুয়োগৰাকী ব্যক্তিয়েই তাদৰকী কোষৰ আগত তেওঁলোকৰ ভাষ্য প্ৰদান কৰে।
উল্লেখ্য যে মাত্ৰ এটা দিন পূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত জাৱৰ নিষ্কাষণ কেলেংকাৰীৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল ৬ গৰাকীকৈ অভিযন্তা। জানিব পৰা মতে এই অভিযন্তা কেইগৰাকীৰ ভাষ্যতে বহু বিস্ফোৰক তথ্য প্ৰকাশ হৈছে।
জি এম চিত জাৱৰ নিষ্কাষণৰ নামত সংঘটিত হৈছিল ১০ কোটি টকাৰ কেলেংকাৰী। এই কেলংকাৰী সন্দৰ্ভতে তদাৰকী কোষৰ সন্মুখত সাক্ষ প্ৰদান কৰিছিল অভিযন্তাসকলে। সাক্য প্ৰদান কৰা এই অভিযন্তাসকল ক্ৰমে ভৰলুমুখ মণ্ডলৰ শংকৰ মেধি, চানমাৰী মণ্ডলৰ ৰমাকান্ত শইকীয়া, জুৰোড মণ্ডলৰ এলিন বেগম, ফাঁচিবজাৰ মণ্ডলৰ চিত্তৰঞ্জন দত্ত, ছুপাৰমাৰ্কেট মণ্ডলৰ হিৰণ্য বৰ্মন।
আনগৰাকী অভিযন্তা লখৰা মণ্ডলৰ সীমান্তজ্যোতি বৰ্মন। কেলেংকাৰীৰ মূল অভিযুক্ত আছিফ আহমেদকো জেৰা কৰে তদাৰাকী কোষে। শীঘ্রেই কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু কৰিব মুখ্যমন্ত্রী তদাৰকী কোষে।