ভোটাধিকাৰ সাব্যস্ত কৰিয়েই ২৪ ঘন্টা বিশুদ্ধ পানী যোগানৰ দাবী সমুজ্জল ভট্টাচাৰ্যৰ

ভোটাধিকাৰ সাব্যস্ত কৰিয়েই ২৪ ঘন্টা বিশুদ্ধ পানী যোগানৰ দাবী সমুজ্জল ভট্টাচাৰ্যৰ

author-image
asomiyapratidin
New Update
ভোটাধিকাৰ সাব্যস্ত কৰিয়েই ২৪ ঘন্টা বিশুদ্ধ পানী যোগানৰ দাবী সমুজ্জল ভট্টাচাৰ্যৰ

ডিজিটেল ডেস্ক: আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ ভিৰ।

দক্ষিণ শৰণীয়াত ভোটাধিকাৰ সাব্যস্ত কৰে আছু নেতা সমুজ্জল ভট্টাচাৰ্যই। ভোটাধিকাৰ সাব্যস্ত কৰিয়েই কয় যে গুৱাহাটীবাসীয়ে বৰ্তমান পানীৰ সমস্যাত ভুগি আছে। এয়া সামাধান হোৱাটো বিচাৰো। গুৱাহাটীৰ প্ৰতিজন মানুহকে বিশুদ্ধ খোৱাপানী লাগে। ২৪ ঘন্টাই খোৱাপানীৰ দাবী কৰে ভট্টাচাৰ্যই।

তেওঁ কয় যে প্ৰতিশ্ৰুতিবোৰ অসাৰ হৈ গৈছে। প্ৰতিশ্ৰুতি আৰু আশ্বাসে মানুহত আশ্বস্ত নকৰে। গতিকে সকলো প্ৰতিশ্ৰুতি আশ্বাস পূৰণ হোৱাটো বিচাৰে বুলি মন্তব্য কৰে ভট্টাচাৰ্যই।

আৰু পঢ়ক: নলা-নৰ্দমা পৰিষ্কাৰ নাই, ভোট দিবলৈ আহি প্ৰশ্নবানৰ সন্মুখীন সাংসদ কুইন ওজা

assam guwahati aasu