/asomiyapratidin/media/media_files/2025/02/24/dTcFs5YwxJl6GlbUP6E0.jpg)
ডিজিটেল ডেস্কঃ বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড০ গীতাশ্ৰী তামুলীৰ প্ৰসংগত বদৰুদ্দিন আজমলে কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল আজমল।
এ আই ইউ ডি এফৰ মুৰব্বী আজমলে গীতাশ্ৰী তামুলীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৰা মন্তব্য আৰু তাৰ পাছৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ চূড়ান্ত অসন্মানজনক মন্তব্য কৰিছিল। আজমলে গীতাশ্ৰী তামুলীৰ প্ৰসংগত কৰা তেনে মন্তব্যক লৈ ৰাজ্যৰ সৰ্বস্তৰতে প্ৰিতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে জাতীয় নাৰী বাহিনীয়ে।
এনে পৰিস্থিতিত আজমলে আজি এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে গীতাশ্ৰী তামুলীৰ লগতে সমগ্ৰ নাৰীসমাজৰ ওচৰত ক্ষমা বিচাৰিছে।
আজমলে গীতাশ্ৰী তামুলীৰ প্ৰসংগত কয়, মই তেওঁক বেইজ্জত, অসন্মান কৰিবলৈ সেইদৰে কোৱা নাছিলো যদিও কিছুমানে ইচ্ছু বনাই দিছে। কিয় ইছ্যু বনাইছে মই নজানো।
মোৰ এই কথা শুনি যদি অখিল গগৈৰ পত্নীয়ে মনত আঘাত পাইছে, দুখ পাইছে, বেয়া পাইছে বা কোনো মহিলাই যদি বেয়া পাইছে, মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। যদি কোনোবা মহিলাই দুখ পাইছে তেনে মই দহবাৰ ক্ষমা বিচাৰিবলৈয়ো লাজ নকৰো। এই ইছ্যু বন্ধ হ’ব লাগে।
উল্লেখ্য যে, বদৰুদ্দিন আজমলে ইয়াৰ পূৰ্বেও মহিলাৰ বিৰুদ্ধে অশালীন আৰু আপত্তিজনক মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত কৰিছিল। বাৰে বাৰে তেওঁ এইদৰে মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰাটো এক সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়ে আজমলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে।