মহানগৰীত উন্মোচন হ’ল শিশু শিল্পী নিৰ্ভীতা বড়াৰ ‘প্ৰীতিৰে সুবাস’

মহানগৰীত উন্মোচন হ’ল শিশু শিল্পী নিৰ্ভীতা বড়াৰ ‘প্ৰীতিৰে সুবাস’

author-image
asomiyapratidin
New Update
মহানগৰীত উন্মোচন হ’ল শিশু শিল্পী নিৰ্ভীতা বড়াৰ ‘প্ৰীতিৰে সুবাস’

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে মহানগৰীৰ ৰাজগড় বিহুতলীস্থিত জ'জা ষ্টুডিঅ'ত মুকলি কৰা হয় শিশু কণ্ঠশিল্পী নিৰ্ভীতা বড়াৰ একক কণ্ঠ আৰু অভিনয়ৰ ভিডিঅ' সংগীত 'প্ৰীতিৰে সুবাস'।
ভিডিঅ' সংগীতটি মুকলি কৰে গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীয়ে। উল্লেখযোগ্য যে, গীতটোৰ দৃশ্যাংশৰ চিত্ৰায়ন কৰা হৈছে মেঘালয়ৰ ভালেকেইটা মনোমোহা লোকেচনত।

'প্ৰীতিৰে সুবাস' গীতটোৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ, সংগীত প্ৰশান্ত শইকীয়াৰ আৰু শব্দ মিশ্ৰণ ভূপেশ শইকীয়াৰ। আনহাতে গীতটোৰ ভিডিঅ'ৰ নৃত্য পৰিচালনা ধনজীত দাসৰ আৰু সম্পাদনা অসীম শৰ্মাৰ।

ডিব্ৰুগড়ৰ ভাদৈৰ নীপক' প্ৰকল্পৰ কৰ্মচাৰী ৰাতুল বড়া আৰু জোনালী বড়াৰ কন্যা নির্ভীতাৰ এইয়া সংগীত জগতত প্ৰথম খোজ। শনিবাৰৰ অনুষ্ঠানটোত মোহময়ী অভিনেত্ৰী ফেৰিপ্ৰিয়াও উপস্থিত থাকে।