গুৱাহাটী লোকসভাৰ ৩ বিধানসভা সমষ্টিৰ ১৭ ইভিএম বিকল, বিলম্ব হ’ব আনুষ্ঠানিক ফলাফল ঘোষণা…

গুৱাহাটী লোকসভাৰ ৩ বিধানসভা সমষ্টিৰ ১৭ ইভিএম বিকল, বিলম্ব হ’ব আনুষ্ঠানিক ফলাফল ঘোষণা…

author-image
asomiyapratidin
New Update
গুৱাহাটী লোকসভাৰ ৩ বিধানসভা সমষ্টিৰ ১৭ ইভিএম বিকল, বিলম্ব হ’ব আনুষ্ঠানিক ফলাফল ঘোষণা…

ডিজিটেল ডেস্কঃ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ বকো, ছয়গাঁও আৰু পলাশবাসী সমষ্টিৰ মুঠ ১৭টা ইভিএমৰ ভোট গণনা হোৱা নাই। ইভিএম মেচিনৰ কাৰিকৰী বিজুতিৰ বাবেই বকো সমষ্টিৰ ১০টা, ছয়গাঁও সমষ্টিৰ ৩টা আৰু পলাশবাসী সমষ্টিৰ ৪টা ভোটিং মেচিনৰ ভোটগণনা সম্ভৱপৰ নহ'ল।

Advertisment

এনে পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰতিনিধিৰ সন্মতি সাপেক্ষে ইভিএমৰ ভোট পোনপটীয়াকৈ গণনা কৰাৰ পৰিৱৰ্তে ভিভিপেট গণনাৰ জৰিয়তেহে উক্ত সমষ্টি কেইটাৰ ১৭টা ইভিএমত বন্দী ভোটৰ গণনা কৰা হ'ব। সেয়েহে গুৱাহাটী লোকসভা সমষ্টিৰ চূড়ান্ত ফলাফল ঘোষণা অধিক পলম হোৱাৰ সম্ভাৱনা আছে।অৱশ্যে আনুষ্ঠানিক ঘোষণা নহ'লেও প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত আগবাঢ়ি থকা বিজেপি প্ৰাৰ্থী কুইন ওজাই বিজয় সাব্যস্ত কৰা বুলি ইতিমধ্যে সকলোৱে মানি লৈছে।