জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গাম্ভীৰ্যপূৰ্ণ ন-পুৰণি সতীৰ্থ সন্মিলন, ‘সংগ্ৰামৰ মজিয়াত আমি কওঁ, ক্ষমতাত অধিস্থিত হ’লে পাহৰি যাওঁ’- জয়ন্ত বৰুৱা…

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গাম্ভীৰ্যপূৰ্ণ ন-পুৰণি সতীৰ্থ সন্মিলন, ‘সংগ্ৰামৰ মজিয়াত আমি কওঁ, ক্ষমতাত অধিস্থিত হ’লে পাহৰি যাওঁ’- জয়ন্ত বৰুৱা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ১৩জনীয়া উপদেষ্টা সমিতিত অসম আন্দোলনৰ সক্ৰিয় অংশীদাৰ যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৰ ন-পুৰণি সতীৰ্থৰ সন্মিলনে।

মঙলবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ সভাপতিত্বত দিনজোৰা কাৰ্যসূচীৰে ৫ শতাধিক যুৱ ছাত্ৰ পৰিষদৰ ন-পুৰণি সদস্যৰ সতীৰ্থ সন্মিলনত এই দাবী উত্থাপন কৰা হয়। সংগঠনটোৰ বৰ্তমানৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আঁত ধৰা গুৰুত্বপূৰ্ণ আজিৰ এই সন্মিলনত অসমৰ জাতীয় জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বিভিন্ন বিষয় সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

সন্মিলনখনি উদ্বোধন কৰি দিয়া ভাষণৰ আৰম্ভণিতেই যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্য তথা 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ স্বত্তাধিকাৰ জয়ন্ত বৰুৱাই যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত প্ৰবীণ গগৈ আৰু সাধাৰণ সম্পাদক প্ৰয়াত বিপুল মহন্তৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।তেওঁ কয়- 'অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি নমাই অনা এক শংকতাপন্ন সময়ত সুনিৰ্দিষ্ট কৰ্মসূচীৰ আধাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছিল। সাম্প্ৰতিক সময়তো অসমৰ আকাশ কলীয়া ডাঁৱৰে আৱৰি ধৰিছে। এনে সময়তে অনুষ্ঠিত হৈছে যুৱ ছাত্ৰ পৰিষদৰ ন-পুৰণি সতীৰ্থ সন্মিলন। মই আশা কৰো এই সন্মিলনে যুৱ ছাত্ৰ পৰিষদক অধিক শক্তিশালী আৰু দায়ৱদ্ধ ৰূপত পুনৰ গঢ়ি তুলিব।

ইয়াৰ লগতে তেওঁ আক্ষেপ প্ৰকাশ কৰি কয়- 'যি নিৰ্দিষ্ট বিষয় সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা কালৰ সদস্যসকল একত্ৰিত হৈছিল, সেই উদ্দেশ্য পূৰণৰ দিশে আমি ৰাইজে আশা কৰা ধৰণেৰে আগবাঢ়িব পৰা নাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰায় ৩২ বছৰজোৰা এই পৰিক্ৰমাত সংগ্ৰামৰ মজিয়াত থাকোতে নিৰ্ধাৰিত এই বিষয় সন্দৰ্ভত আপোচহীন সংগ্ৰামৰ কথা কোৱা কোনো কোনো নেতা অসম আন্দোলনৰ সমাপ্তিৰ পৰৱৰ্তীকালত ক্ষমতাৰ ৰাজনীতিত ভৰি দি নিজৰেই প্ৰতিশ্ৰুতি পাহৰি পেলোৱাৰ দৰে হতাশজনক ঘটনাও ঘটিছে।'

ইয়াৰ উদাহৰণ স্বৰূপে অতি শেহতীয়াভাৱে ভূটানৰ নদীবান্ধে নামনি অসমৰ কেউখন জিলালৈ নমাই অনা বিপৰ্যয়ৰ কথা উল্লেখ কৰি তেওঁ কয়- ভূটানৰ ৬০ মেগাৱাটৰ কুৰিশ্বু বান্ধৰ পৰা এৰি দিয়া পানীয়েই যদি এনে বিপৰ্যয়ৰ সৃষ্টি কৰে, তেনেহ'লে নিৰ্মিয়মান বৃহৎ বৃহৎ নদীবান্ধসমূহে সমগ্ৰ অসমকে ধ্বংস কৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেয়ে সদায় এনে নদীবান্ধৰ বিৰোধিতা কৰি অহাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে- আমাৰ দৰে যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থই এতিয়া ক্ষমতাৰ গাদীত বহি এতিয়া নদীবান্ধৰ দৰে বিধ্বংসী অভিযানৰ ক্ষেত্ৰত দিল্লীৰ সৈতে একে সুৰত কথা কৈছে। এনেবোৰ ঘটনাই ৰাইজৰ মাজত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি থকা শ্ৰদ্ধা লাঘৱ কৰাটোৱেই স্বাভাৱিক। সেয়েহে আমি আমাৰ কাৰ্যক্ৰমণিকাৰ ক্ষেত্ৰত আত্মপৰ্যালোচনাৰ মাজেৰে আগবঢ়াটো সময়ৰ আহ্বান বুলি আমি অনুভৱ কৰিব লাগিব।

সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত প্ৰবীণ গগৈ আৰু বিপুল মহন্তৰ লগতে ইতিমধ্যে মৃত্যুবৰণ কৰা প্ৰাক্তন সতীৰ্থসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা যুৱ ছাত্ৰ প্ৰাক্তন নেতাগৰাকীয়ে লগতে কয়- আমি প্ৰতিষ্ঠাকালত যিসমূহ দাবী উত্থাপন কৰিছিলো, সেই দাবীসমূহ যে অতিকৈ প্ৰাসংগিক আছিল সেয়া সাম্প্ৰতিক সময়ত অধিক স্পষ্ট হৈ পৰিছে। এনে এক জটিল সময়ত প্ৰাক্তন সতীৰ্থসকলৰ সৈতে সন্মিলিত হোৱাৰ বাবে ন-পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা যুৱ ছাত্ৰ পৰিষদৰ বৰ্তমানৰ নেতৃ-বৰ্গক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

সংগঠনটোৰ প্ৰাক্তন সদস্য তথা নেতাসকলৰ ভিতৰত মঙলবাৰৰ এই সন্মিলনত ড০ ৰীতা চৌধুৰী, অদীপ কুমাৰ ফুকন, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, ডাঃ নৱনীল বৰুৱা, ডাঃ অমৃত বৰুৱা, অপূৰ্ব ভট্টাচাৰ্য, দিলীপ পাটগিৰি, মিত্ৰদেৱ শৰ্মা, বিজয় দেউৰী, কুশুম্বৰ তাইৰাই, ৰূপেন গোস্বামী, জ্যোতি চক্ৰৱৰ্তী, প্ৰদীপ গোস্বামী, কনক হাজৰিকা, দিলীপ শংকৰ শইকীয়া, পৃথ্বীৰাজ ৰাভা, সদানন্দ গগৈ, বিমল মজুমদাৰ, ৰমেন্দ্ৰ মল্ল বুজৰবৰুৱা আদি বিশিষ্ট লোকসকলে ৰাজ্যৰ জাতীয় সমস্যা সমূহৰ সন্দৰ্ভত পুংখানুপুংখ আলোচনা আৰু নতুন কৰ্মীসকলৰ প্ৰতি ইয়াৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিব লগীয়া প্ৰয়োজনীয় পদক্ষেপ সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

তেওঁলোকে কয় যে- জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্থাপন কৰা পূৰ্ণ স্বায়ত্ত শাসন, ডি নাগৰিকত্ব আৰু সাম্যবাদী আদৰ্শৰ জাতীয়তাবাদৰ ভেটি সবলিকৰণৰ ক্ষেত্ৰত অনাগত দিনত সুস্পষ্ট আৰু ফলপ্ৰসূ কৰ্মসূচী গ্ৰহণ কৰা উচিত হ'ব। আনহাতে, অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী যুৱ ছাত্ৰ পৰিষদক কেন্দ্ৰীয় চৰকাৰে চুক্তি ৰূপায়নৰ প্ৰসংগত আস্থাত লোৱাটো পৰিলক্ষিত হোৱা নাই বুলিও তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। সুদীৰ্ঘদিনৰ অন্তত প্ৰায় ৩২ বছৰীয়া দীঘলীয়া পৰিক্ৰমাৰ সৈতে সংযুক্ত ন-পুৰণি সতীৰ্থৰ উপস্থিতিত মঙলবাৰে অনুষ্ঠিত সন্মিলনখন যিদৰে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত অতিকৈ গুৰুত্বপূৰ্ণ আছিল, সেইদৰে দীৰ্ঘ বিৰতিৰ মূৰত মুখামুখি হৈ প্ৰায়সকল প্ৰাক্তন সতীৰ্থই আজিৰ এই অনুষ্ঠানত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in