ঘিলামৰাত অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন

: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা সদৰৰ "মুৰাৰী হাৰ্ডৱেৰ"ত দেওবাৰে নিশা প্ৰায় ৯-৪৫ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা সদৰৰ "মুৰাৰী হাৰ্ডৱেৰ"ত দেওবাৰে নিশা প্ৰায় ৯-৪৫  বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।  ঘিলামৰা দৈনিক বজাৰৰ সমীপৰ অৱাসিক এলেকাত অৱস্থিত এইখন হাৰ্ডৱেৰ দোকান বন্ধ থকা অৱস্থাতে নিশা ভিতৰত সংঘটিত অগ্নিকাণ্ডই নিমিষতে সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন চানি ধৰি বিস্তৰ ক্ষতিসাধন কৰে।

Advertisment

জুইৰ ফলত সমস্ত সা সম্পত্তি ক্ষতিসাধন হোৱাৰ লগতে সমীপত অৱস্থিত এটা ষ্টেট বেঙ্কৰ এ টি এম আৰু অন্যান্য দোকান আৰু বাসগৃহলৈ জুই বিয়পি পৰে ।ৰাইজে ওচৰত থকা বালি ,পানী ছটিয়াই জুই তাণ্ডৱ ৰোধৰ চেষ্টা চলায়ো ব্যৰ্থ হৈছে।  ঘিলামৰা আৰক্ষীয়ে ঢকুৱাখনা অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত দুখন গাড়ী ঘিলামৰালৈ নিশা আহি জুই নুমুৱাবলৈ চেষ্টা কৰে।

Also Read: বুবুল শৰ্মাৰ 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতন্দ্ৰ প্ৰহৰী-হাতী আৰু মাউত' উন্মোচন

fire