অৱশেষত প্ৰাপ্য পালে ঘিলামৰাৰ বঞ্চিত সমবায় এজেন্টে…

অৱশেষত প্ৰাপ্য পালে ঘিলামৰাৰ বঞ্চিত সমবায় এজেন্টে…

author-image
asomiyapratidin
New Update
অৱশেষত প্ৰাপ্য পালে ঘিলামৰাৰ বঞ্চিত সমবায় এজেন্টে…

ডিজিটেল সংবাদ ,ঢকুৱাখনা : অৱশেষত প্ৰাপ্য অনাদায় পুঁজি লাভ কৰিবলৈ সক্ষম হ'ল ঘিলামৰা সমবায় সমিতিৰ অন্তৰ্গত একাংশ সুলভ মূল্যৰ এজেন্টে । সুদীর্ঘ ডেৰ বছৰ দিন ধৰি  চৰকাৰী সেৱা আগবঢ়াই নাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা অৰ্ধ শতাধিক সুলভ মূল্যৰ এজেন্টে মঙ্গলবাৰে লাভ কৰিলে প্ৰাপ্য কমিচনৰ ধন ।

Advertisment

লখিমপুৰ জিলা প্ৰশাসনৰ  অদূৰদৰ্শীতাৰ বাবে ঘিলামৰা সমবায় সমিতিৰ অৰ্ধ শতাধিক  এজেন্টে পি এম জি এছ ৱাই আঁচনিৰ সামগ্ৰী গ্ৰাহকক যোগানৰ বিপৰীতে আবন্তিত কমিচন লাভ নকৰা  সন্দৰ্ভত এক "অসমীয়া প্ৰতিদিন ডিজিটেল"ত এক বাতৰি সোমবাৰে প্ৰকাশ হৈছিল । বাতৰি প্ৰকাশৰ পাছতে থৰকাচুটি হেৰাই সংশ্লিষ্ট পক্ষৰ। 

সুলভ মূল্যৰ এজেণ্টৰ একাউন্টৰ পৰিবৰ্তে সুনিৰ্দিষ্ট কেইজনমান এজেণ্টৰ একাউন্টত এই পুঁজি জমা কৰা নীতি বিৰুদ্ধ কাণ্ডৰ সন্দৰ্ভত  বাতৰি প্ৰকাশৰ পাছতেই  নিশাটোৰ ভিতৰতে এই গোপনে জমাকৃত  পুঁজি  বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে সংশ্লিষ্ট পক্ষই। তাৰেই  আলমত মঙ্গলবাৰে পুৱা ১১  বজাত এখন সভা অনুষ্ঠিত কৰে  ঘিলামৰা সমবায় সমিতিৰ কাৰ্যালয়ত ।

এজেন্ট সন্থাৰ সভাপতি দিপুল শইকীয়াৰ  সভাপতিত্বত অনুষ্ঠিত সভাত  প্ৰায় ত্ৰিশ গৰাকী এজেন্ট উপস্থিত থাকে । সভাত উক্ত পুঁজি জমা হোৱা সমবায় এজেন্ট গোবিন্দ্ৰ হাজৰিকাও উপস্থিত থাকে । এইগৰাকী এজেন্টে  গৰিষ্ঠ সংখ্যক সুলভ মূল্যৰ এজেণ্টক ঘিলামৰা সমবায় সমিতিৰ কাৰ্য্যালয়লৈ মাতি আনি প্ৰাপ্য পুঁজি বিতৰণ কৰিবলৈ এই সভা আহ্বান কৰে  । 

সভাত  প্ৰবঞ্চিত এজেন্ট সকলে  কিয় ইমান দেৰিকৈ এই কমিচনৰ ধন বিতৰণ কৰা হৈছে বুলি প্ৰশ্ন কৰাত  তেঁওৰ একাউণ্টত উক্ত ধন ৰাশি সোমোৱাটো জ্ঞাত নোহোৱা বুলি দায় সৰা মন্তব্য কৰি উক্ত কমিচনৰ ধন উপস্থিত এজেন্ট সকলক বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । বিয়লি ৩ বজালৈকে অনুষ্ঠিত সভাত এজেন্ট সকলক সম্পূৰ্ণ কমিচন প্ৰাপ্তিৰ  বহীত স্বাক্ষৰ কৰি কমিচন আদায় দিয়ে যদিও  একাংশ এজেন্টে জানিবলৈ দিয়া মতে  সম্পূৰ্ণ প্ৰাপ্তি বহীত স্বাক্ষৰ কৰাই এজেন্ট সকলৰ পৰা প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰায় ২ টকা ৪০ পইচাকৈ  কৰ্তন কৰি ৰাখিছে । 

মাহিলি বিল প্ৰস্তুত কৰা ,কাৰ্য্যালয় খৰছ আৰু সাংগঠনিক খৰছৰ বাবে এই পুঁজি কৰ্তন কৰা বুলি ভূক্তভোগী এজেন্ট সকলৰ মুখেৰে জানিব পৰা গল।  সুদীর্ঘ দিন ধৰি সংগোপনে মজুত ৰখা  এজেন্ট সকলৰ প্ৰাপ্য পুঁজি বাতৰি প্ৰকাশৰ পাছ দিনাই  থৰকাচুটি হেৰুৱাই বিতৰণ কৰিবলৈ বাধ্য হোৱাৰ পাছতো  সম্পূৰ্ণ পুঁজি বিতৰণ নকৰা কাৰ্যই  সমগ্ৰ প্ৰক্ৰিয়াটোৰ অন্তৰালত ব্যাপক বিত্তীয় অনিয়ম সংঘটিত যে হৈছে সেয়া নিশ্চিত হৈছে ।

আৰু পঢ়ক: নগাঁৱৰ উপায়ুক্তক বদলি,নতুন উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহ…

ghilamara assam