ঘিলামৰাত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল বাহন

বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক পথ দুর্ঘটনা

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল বাহন

ডিজিটেল সংবাদ, ঢকুৱাখনা: গোগামুখ-ঘিলামৰা সংযোগী ২২নং ৰাজ্যিক ঘাই পথৰ ৰাইদঙীয়া অংশত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক পথ দুর্ঘটনা । ফলত এগৰাকী যুৱক আহত হয় আৰু বাহনখন  ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হয় ।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ঢোলপেটা  অঞ্চলৰ  থানেশ্বৰ বৰুৱা আৰু বিদ্যা দিহিঙীয়া বৰুৱাৰ পুত্ৰ টিংকল বৰুৱা আৰু চালক কুশল গগৈয়ে এ এছ ০৭ -এছ-১৩৯৯ নম্বৰৰ এখন হোণ্ডাই ভেন্যু গাড়ীৰে গোগামুখৰ দিশৰ পৰা ঘিলামৰাহৈ স্বগৃহ অভিমুখে আহি আছিল ।

ৰাজ্যিক পথেৰে দুয়ো গৰাকী যুৱক স্বাভাৱিক গতিৰে আহি থকা বাহনখনে আকস্মিক ভাৱে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা নামি গৈ ৰাইদঙীয়া অংশৰ এটা হাবি পূৰ্ণ দ খাৱৈত সোমায় । গাড়ীত চালকৰ আসনত থকা  কুশল গগৈ নিৰাপদ অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে ডিঙি আৰু দেহত সামান্য ভাবে আহত হয় অন্য গৰাকী সহযাত্ৰী টিংকল বৰুৱা ।

পাছত ঘিলামৰা থানাৰ আৰক্ষী গৈ দূর্ঘটনাত পতিত দুয়োগৰাকী আহত ব্যক্তিক প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ পৰৱৰ্তী সময়ত আহত যুৱকজনক  আত্মীয়ই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে। আহত টিংকলৰ বৰুৱাৰ আত্মীয়ই জনোৱা মতে সামান্য ভাবে আহত হোৱা যুৱকজন বিপদ মুক্ত ।

আৰক্ষীয়ে দুর্ঘটনাগ্ৰস্ত গাড়ীখন ঘটনা স্থলীৰ পৰা উদ্ধাৰ কৰি থানালৈ নি এক গোচৰ পঞ্জীয়ন কৰিছে। জনা মতে মোমায়েক তথা গাড়ীখনৰ গৰাকী  সোনাৰী চাপৰিৰ জিতু দিহিঙীয়াক লখিমপুৰত নগাঁওমুখী বাচত উঠাই স্বাভাৱিক গতিৰে ঘৰমুৱা হৈছিল চালক সহ ভাগিনীয়েক টিংকল বৰুৱা । এনেতে ঘিলামৰাত আকস্মিক ভাবে এই দূর্ঘটনা সংঘটিত হয় ।

assam road accident dead