ফাটবিহু মঞ্চত বিহুৱা দলক প্ৰহাৰ, ঘিলামৰাত বিশাল প্ৰতিবাদী মৌন সমদল

বৃহত্তৰ ঢকুৱাখনাৰ একক সাংস্কৃতিক বৈভৱ,চাৰিকড়ীয়া ,কঢ়া ,ডাংধৰা নদীৰে আবৃত বৃহত্তৰ ঢকুৱাখনাৰ একক লোক সাংস্কৃতিক উৎসৱ ফাটবিহুত যেন বৃহৎ ফাঁট মেলিছে।

author-image
Asomiya Pratidin
New Update
ফাটবিহু মঞ্চত বিহুৱা দলক প্ৰহাৰ, ঘিলামৰাত বিশাল প্ৰতিবাদী মৌন সমদল

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ ফাটবিহু কাণ্ডকলৈ বিভিন্ন সংগঠনৰ প্ৰতিবাদ। বৃহত্তৰ ঢকুৱাখনাৰ একক সাংস্কৃতিক বৈভৱ,চাৰিকড়ীয়া ,কঢ়া ,ডাংধৰা নদীৰে আবৃত বৃহত্তৰ ঢকুৱাখনাৰ একক লোক সাংস্কৃতিক উৎসৱ ফাটবিহুত যেন বৃহৎ ফাঁট মেলিছে।

Advertisment

২০২৩ বর্ষৰ ফাটবিহু উদযাপনৰ বেলিকা একাংশ ফাটবিহু উদযাপনৰ লগত জড়িত বিষয়ববীয়া  আৰু কৰ্মকর্তাৰ পৃষ্ঠপোষকতাত ১৩ মে'ৰ নিশা সংঘটিত হৈছিল হিংসাত্মক পৰিস্থিতি। ইয়াৰ আলমলৈয়ে ঐক্য সম্প্ৰীতিৰ বাণী বিলাই অহা এই ফাটবিহুত যেন বিৰাট ফাঁট মেলাৰ উপক্ৰম হৈছে বুলি প্ৰতিবাদী সংগঠনসমূহে উল্লেখ কৰে। 

যোৱা ১৩ মে'ত ফাটবিহুৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ঘিলামৰাৰ বৰদৈচিলা হুঁচৰি দল। এই দলটোৰ ওপৰত ফাটবিহুৰ একাংশ উদণ্ড আৰু দাম্ভিক বিষয়ববীয়াই কৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কাণ্ডই বুধবাৰেও উত্তাল কৰি ৰাখিছে ঘিলামৰাৰ সামাজিক পৰিৱেশ ।

মঙলবাৰে ৰাজহুৱা প্ৰতিবাদী সভা আহ্বান কৰি উক্ত উদণ্ড আচৰণকাৰীৰ বিৰুদ্ধে ১৮ টা সংগঠন একত্ৰিত হৈ দোষীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ পাছত বুধবাৰেও সাব্যস্ত কৰা হয় বিশাল গণ মৌন প্ৰতিবাদ । ঘিলামৰাৰ ১৮ টাকৈ সামাজিক সংগঠনৰ লগতে সংস্কৃতি প্ৰেমীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহনেৰে বুধবাৰে উলিওৱা হয় বিশাল প্ৰতিবাদী মৌন সমদল ।

ফাটবিহু উদযাপনৰ নামত 'গুণ্ডাগিৰী চলোৱা ঊৰ্দ্ধত বিষয়ববীয়াক লেকাম লগাওঁক', 'ফাটবিহু উদযাপন সমিতিয়ে ৰাজহুৱাভাবে বিহু দলটোৰ ওচৰত ক্ষমা বিচাৰক', 'বিহু মঞ্চত বিহুদলক মাৰপিট কৰা দোষীক উপযুক্ত শাস্তি দিয়ক' আদি বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড হাতে-হাতে লৈ ঘিলামৰা সদৰৰ পৰা এক বিশাল মৌন প্ৰতিবাদী সমদল উলিওৱা হয়।

বিয়লি প্ৰায় ৩ বজাত ১৮ টা সংগঠনৰ যৌথ উদ্যোগত ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনৰ পৰা বাহিৰ হোৱা মৌন প্ৰতিবাদী সমদলটো সমগ্ৰ ঘিলামৰা সদৰাঞ্চল পৰিভ্ৰমণ কৰে। সমদলটোৱে ফাটবিহুৰ একাংশ উদণ্ড দাম্ভিক আৰু উন্নাসিক বিষয়ববিযাৰ বাবে এটা বিহুদল বিহুমঞ্চৰ পৰা মাৰ খাই খেদা খাবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

এইসকল মাতাল চৰিত্ৰৰ বিষয়ববীয়াৰ ওপৰত বিধিগত শাস্তি বিহাৰ অন্যথাই ঘিলামৰাবাসীয়ে ফাটবিহু বৰ্জন কৰি যোৱাৰ সিদ্ধান্ত ব্যক্ত কৰে। এয়া  গণতান্ত্ৰিক প্ৰতিবাদৰ আৰম্ভণী হে বুলি কৈ এইসকল উদণ্ড ব্যক্তিক শাস্তি নিদিয়া পৰ্যন্ত এনে প্ৰতিবাদ অবিৰত হাৰত সাব্যস্ত হৈ থাকিব বুলি স্পষ্ট কৰি দিয়ে সংগঠনৰ নেতৃবৰ্গই ।

অসমীয়া জাতীয় অস্তিত্ব ভৰিৰে মোহাৰি বিহু দলক প্ৰহাৰ কৰিবলৈ,জাতীয় সাজ ফালি বিহুৱাক প্ৰহাৰ কৰি জাতীয় স্বাভিমানক ভৰিৰে মোহাৰি পেলাবলৈ এইসকল তথাকথিত অতি বিহুপ্ৰমী বিষয় ববীয়াই ক'ত অধিকাৰ পালে বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে উল্লেখ কৰে যে যেতিয়ালৈকে এইসকল অভিযুক্তক শাস্তি প্ৰদান নকৰিব তেতিয়ালৈকে ঘিলামৰাবাসীৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে।

কেইবা শতাধিক সংস্কৃতিপ্ৰেমীৰ অংশগ্ৰহণেৰে বাহিৰ হোৱা এই  প্ৰতিবাদী সমদল শান্তিপূৰ্ণভাৱে পুনৰ কৃষ্টি ভৱন প্রাংগনত উপস্থিত হৈ সফল সামৰণি মাৰে। ইয়াৰ পাছতে অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা । ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ গোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সভাত অনাগত সময়তো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণ প্ৰতিবাদ কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

Also Read: গুৱাহাটী প্ৰেছ ক্লাৱত মাছৰ উদ্যোগত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্য়ু তিথি পালন