ঘিলামৰাত সংঘটিত হত্যাকাণ্ডত জড়িত  চাৰি অভিযুক্তক গ্ৰেপ্তাৰ…

ঘিলামৰাত সংঘটিত হত্যাকাণ্ডত জড়িত  চাৰি অভিযুক্তক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
ঘিলামৰাত সংঘটিত হত্যাকাণ্ডত জড়িত  চাৰি অভিযুক্তক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঘিলামৰা আৰক্ষীৰ জালত পৰিছে ৪ অভিযুক্ত। শনিবাৰে ঘিলামৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৱা ১০ জুনত এজন বিবাহিত যুবকৰ ওপৰত অমানুষিক অত্যাচাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাণ্ডৰ  মূল ৪ অভিযুক্তক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

ঘটনাৰ বিবৰণী মতে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত পাতৃচুকৰ নিবাসী দিনেশ কমান (৪০) নামৰ এজন বিবাহিত পুৰুষে অৰুনাচল প্ৰদেশৰ প্ৰথমা পত্নীৰ সৈতে কাম কৰি থকা সময়চোৱাত পুনৰ এগৰাকী বিবাহিতাক পত্নী মৰ্যদা দিয়াত পাতৃ চুকৰ  প্ৰথম পত্নী গৃহ তথা পৰিয়ালৰ মাজত উত্তপ্ত পৰিবেশৰ সূত্ৰপাত হয় আৰু  দীনেশ কমানৰ দুগৰাকী পত্নীৰ সৈতে গাঁৱত সমজুৱা  বিচাৰ কৰা হ'ব বুলি দিনেশ কামানক পাতৃচুকলৈ  মাতি আনে।

ঘটনাৰ বুজাবুজি আৰু  বিচাৰ প্ৰক্ৰিয়াৰ নামত গাঁওৰে যোগেশ্বৰ চুংক্ৰাংৰ গৃহত একাংশ ৰাইজে মিলিত হৈ দীনেশ কমানক যোৱা ৭জুনৰ পৰা একেৰাহে চাৰিদিন ঘৰৰ ভিতৰত আবদ্ধ কৰি  অমানুষিক অত্যাচাৰ চলাই। সামান্তৰাল ভাবে ১০ জুনৰ দিনা চলোৱা নিৰ্মম  প্ৰহাৰত পুৱা প্ৰায় পাঁচ বজাত  দীনেশ কমানে অকাল মৃত্যুক  সাৱটি লয়।  এই অমানুষিক নিৰ্যাতন আৰু  দ্বিতীয় পত্নীৰ উপস্থিতিত অমানুষিক অত্যাচাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা মূল অভিযুকক্ত পাঁচজন ওপৰত দীনেশ কমানৰ  দ্বিতীয় পত্নী ৰীনা কমানে  ঘিলামৰা আৰক্ষী থানাত  এক গোচৰ দাখিল কৰে ।

সেই মৰ্মে  ঘিলামৰা আৰক্ষী থানাৰ প্ৰভাৰী চন্দন  দাস আৰু উপ পৰিদৰ্শক হেমন্ত কুমাৰ কোঁৱৰৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে স্থানীয় ৰাইজৰ সহযোগত মূল অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  গ্ৰেপ্তাৰ হোৱা অভিযুক্ত চাৰি জন হৈছে যোগেশ্বৰ চুংক্ৰাং(৩৩) লাগবিয়া উৰফে আদিত্য চুংক্ৰাং(৩১) বিজুলী চুংক্ৰাং(২৩) আৰু কুজেন দলে(৩৮)। আনহাতে অন্য এজন হত্যাকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হৈছে  । ঘিলামৰা আৰক্ষীয়ে ধৃত নৰ হত্যাকাৰী কেইটাক লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

আৰু পঢ়ক: সাম্প্ৰদায়িক বিষবাষ্পৰ মাজতেই সাম্প্ৰতিৰ বিৰল নিদৰ্শন মঙলদৈত…

assam dhakuakhana