ঘিলামৰাত এন পি এছ কৰ্মচাৰী সন্থাৰ সাধাৰণ  সভাত মণ্ডল সমিতি গঠন…

ঘিলামৰাত এন পি এছ কৰ্মচাৰী সন্থাৰ সাধাৰণ  সভাত মণ্ডল সমিতি গঠন…

author-image
asomiyapratidin
New Update
ঘিলামৰাত এন পি এছ কৰ্মচাৰী সন্থাৰ সাধাৰণ  সভাত মণ্ডল সমিতি গঠন…

ডিজিটেল সংবাদ ,ঢকুৱাখনা : সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ অন্তৰ্গত ঢকুৱাখনা জিলা সমিতিৰ ঘিলামৰা মণ্ডল সমিতি গঠনৰ উদ্দেশ্যেৰে শনিবাৰে এক সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । ঘিলামৰাৰ পশ্চিম ঘিলামৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত শণিবাৰে বিয়লি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফু নাথ মেদকে  ।

Advertisment

সভাৰ আহ্বায়ক মধ্য চামপৰা উচ্চ আৰু  জয়া মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক দুলাল দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ঘিলামৰাৰ এন পি এছ আঁচনিভূক্ত শতাধিক চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে । সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ  ঢকুৱাখনা জিলা সমিতিৰ মুখ্য উপদেষ্টা  ডঃ বি আৰ আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত কুমাৰ দাস , সভাপতি তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ গণিত শাস্ত্ৰ বিভাগৰ প্ৰবক্তা টবেন্দ্ৰ নাথ দাস, সম্পাদক  বিদ্যুৎ চমুৱা , সংগঠক গিৰিশ হাজৰিকা , কনক চুতীয়া আদি বহু কেইগৰাকী বিষয় -ববীয়াই নতুন পেঞ্চন নীতি (এন পি এছ)ৰ  ভয়াবহ নেতিবাচক প্ৰভাৱ আৰু চৰকাৰী কৰ্মচাৰীয়ে এই হঠকাৰী নীতিৰ আওতাত থাকিলে ভুগিব লগা সীমাহীন সমস্যাৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই ।

  চৰকাৰী কৰ্মচাৰী সকলৰ স্বাৰ্থ  সুৰক্ষাৰ পৰিপন্থী আৰু নায্য প্ৰাপ্তিৰ বিৰোধী এই নতুন পেঞ্চন নীতি বাতিল নকৰা পৰ্যন্ত ঐক্যবদ্ধ সংগ্ৰামী  স্থিতি  অব্যাহত ৰখাৰ প্ৰাসংগিকতা দোহাৰি ঘিলামৰা মণ্ডল সমিতিখন গঠন কৰাৰ সপক্ষে মত পোষণ কৰে বক্তা সকলে ।

এন পি এছ বাতিল কৰি অ পি এছ প্ৰযোজ্য কৰাৰ দাবীত অবিৰত গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখাৰ অংগীকাৰ লৈ সভাত বিশদ আলোচনা চলাই নায্য প্ৰাপ্য বিচৰা এই গণতান্ত্ৰিক সংগ্ৰামত সকলো আঁচনিভুক্ত  শিক্ষক কৰ্মচাৰীৰ সহযোগিতা অনাগত সময়ত কামনা কৰে জিলা সমিতিৰ বিষয় ববীয়া সকলে।  সভাতেই  সৰ্বসন্মতি ক্ৰমে জ্যেষ্ঠ প্ৰধান শিক্ষক  প্ৰফু নাথ মেদকক সভাপতি আৰু সহকাৰী শিক্ষক  দুলাল দিহিঙীয়াক সম্পাদক হিচাবে লৈ ৩১ জনীয়া ঘিলামৰা শক্তিশালী মণ্ডল  সমিতিখন গঠন কৰা হয় । সভাতেই জিলা সন্থাৰ উদ্যোগত অহা ৫ ছেপ্টেম্বৰত ঢকুৱাখনাত শিক্ষক দিৱস পালন কৰাৰ লগতে এন পি এছ আঁচনিভুক্ত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

hbs dhukuakhana assam govt